...

প্ৰথমবাৰলৈ এখন মেচত ৫ বেটাৰৰ শতকঃ শৃংখলা হেৰুৱালে বেষ্ট ইণ্ডিজে

প্ৰথমবাৰলৈ এখন মেচত ৫ বেটাৰৰ শতকঃ শৃংখলা হেৰুৱালে বেষ্ট ইণ্ডিজে

বর্ষাপাৰাত ৪০৫ ৰানৰ লক্ষ্য ভেদ টীম ইণ্ডিয়াৰ
অধিনায়ক গিলৰ দ্বি-শতক ব্যৰ্থ বিৰাট কোহলি

গুৱাহাটী:

ক্ৰিকেটৰ ইতিহাসৰ পৃষ্ঠাত নাম সন্নিবিষ্ট হ’ল বর্ষাপাৰাৰ। প্ৰথমবাৰৰ বাবে এখন এদিনীয়া মেচত পাঁচজনকৈ বেটাৰৰ শতক। আজি বর্ষাপাৰাত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচত ভাৰতীয় দলটোৰ দুজন আৰু ৱেষ্ট ইণ্ডিজৰ তিনিজনকৈ বেটাৰে শতক অর্জন কৰে। ইয়াৰ পূৰ্বে এদিনীয়া ক্রিকেটৰ এখন মেচত চাৰিজন বেটাৰে শতক অৰ্জন কৰাৰ অভিলেখ আছিল। বলাৰৰ বধ্যভূমিত পৰিণত হোৱা মেচখনত ৱেষ্ট ইন্ডিজে জয়ৰ বাবে বান্ধি দিয়া ৪০৫ ৰানৰ লক্ষ্য ভেদ কৰে টীম ইণ্ডিয়াই। মেচখনত ৮ উইকেটত সহজ বিজয় সাব্যস্ত কৰি ভাৰতীয় দলটোৱে ২-০ৰ অগ্রগতিৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো হস্তগত কৰে। মেচখনত কেৰিবিয়ান বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ৪০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শুভমন গিলৰ অপৰাজিত দ্বিশতক আৰু ৰোহিত শৰ্মাৰ শতকৰ সহায়ত ভাৰতে ৪৩.৩ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ৰোহিত আৰু গিলে প্রথম উইকেটত ২৫৫ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে। এদিনীয়া কেৰিয়াৰত
চাৰি আৰু ৬টা ছয়েৰে ১০১ ৰান কৰি বিদায় লয়। বর্ষাপাৰাত কেৰিয়াৰৰ অন্তিমখন এদিনীয়া মেচ খেলা ৰোহিত শর্মাই এদিনীয়া কেৰিয়াৰত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰি ভাৰতৰ তৃতীয় তথা বিশ্বৰ সপ্তমগৰাকী বেটাৰ হিচাপে নজিৰ গড়ে। ইফালে, গিলে এদিনীয়া ক্রিকেটত দ্বিতীয়টো দ্বিশতক অর্জন কৰি অভিলেখ ৰচে। ভাৰতৰ পঞ্চমগৰাকী ক্রিকেটাৰ হিচাপে এদিনীয়াত দ্বিশতক অর্জন কৰা গিলে ১৩৩টা বলত ২৬টা চাৰি আৰু আঠটা ছয়েৰে ২২৩ ৰান কৰি অপৰাজিত হৈ থাকে। গিলে ১১৭টা বলত দ্বিশতক অৰ্জন কৰি বিশ্বৰ দ্রুততম বেটাৰ হিচাপে নজিৰ গঢ়ে। গিলে ঈশান কিশনৰ (১২৬) অভিলেখটো ভংগ কৰে। কোহলিয়ে ২৯ ৰান কৰি বিদায় লয় যদিও গাইকোৱাডে ৩১ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অপৈনাৰ জন কেম্পবেলৰ ১০১, অধিনায়ক ছাই হ’পৰ ১০৪ আৰু আমিৰ জাংগোৰ ১১৪ ৰানৰ সহায়ত বেস্ট ইন্ডিজে নির্ধাৰিত ৫০ অভাৰত সাতটা উইকেট হেৰুৱাই ৪০৫ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোৰ হৈ গুৰনুৰ ব্ৰাৰ, ৰবীন্দ্র জাদেজা আৰু কুলদীপ যাদবে দুটাকৈ তথা প্রসিদ্ধ কৃষ্ণই এটা উইকেট লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *