...

বিশ্বযুৰি চাঞ্চল্য! ট্ৰাম্পৰ ঘনিষ্ঠ চার্লি কার্কক গুলীয়াই হত্যা

Spread the love

 

 

 

বিশ্বযুৰি চাঞ্চল্য!

 

 

ট্ৰাম্পৰ ঘনিষ্ঠ চার্লি কার্কক গুলীয়াই হত্যা

 

নিউয়র্ক:

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘনিষ্ঠ তথা প্ৰভাৱশালী প’ডকাষ্টাৰ চার্লি কাৰ্কক ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰে। এই ঘটনাক লৈ আমেৰিকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৩১ বছৰীয়া কাৰ্ক আছিল ট্রাম্পৰ অন্যতম সহযোগী। আমেৰিকাৰ যুৱ ভোটাৰসকলক ৰিপাব্লিকান পার্টীলৈ আকৰ্ষিত কৰাত তেওঁ মুখ্য ভূমিকা লৈছিল। শেহতীয়াকৈ কাকে ‘আমেৰিকান কামবেক ট্যুৰ’ শীর্ষক এক কার্যসূচী আৰম্ভ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত ভাষণ প্রদান কৰি আহিছিল। কাৰ্যসূচীৰ অংশ হিচাপে কার্কে ইউটা আমেৰিকাৰ ইউটা ভেলী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানৰ সময়তে ভয়ংকৰ আক্ৰমণ।

বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰি আছিল সেই সময়তে দুষ্কৃতিকাৰীয়ে কাৰ্কক লক্ষ্য কৰি কেইবাজাঁই গুলী নিক্ষেপ কৰে। দুষ্কৃতিকাৰীৰ গুলীত থিতাতে ঢলি পৰে কার্ক। তাৎক্ষণিকভাৱে কাৰ্কৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। এই ঘটনাক তীব্ৰ গৰিহণা দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। ছ’চিয়েল মিডিয়াযোগে ট্রাম্পে কার্কক প্ৰশংসা কৰাৰ লগতে তেওঁৰ আক্ৰমণকাৰীক কঠোৰ শাস্তি দিয়া হ’ব বুলি সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *