...

প্রাক্তন ক্রিকেটাৰক কেন্দ্ৰীয় নিৰাপত্তা

Spread the love

প্রাক্তন ক্রিকেটাৰক কেন্দ্ৰীয় নিৰাপত্তা

হৰভজন সিঙৰ নিৰাপত্তাৰ দায়িত্বত দিল্লী-পঞ্জাব চি আৰ পি এফ

নতুন দিল্লী,২৭এপ্রিল:

আম আদমি পার্টি(আপ) এৰি বিজেপিত যোগ দিয়া ৰাজ্যসভাৰ সাংসদ তথা প্রাক্তন ক্রিকেটাৰ হৰভজন সিঙক দিয়া হৈছে কেন্দ্রীয় নিৰাপত্তা। ইমানদিনে সিঙৰ নিৰাপত্তাৰ দায়িত্বত আছিল পঞ্জাব আৰক্ষীৰ বিষয়া-কর্মী। কিন্তু দল সলনিৰ পিচতে কালি পঞ্জাবৰ আপ চৰকাৰে সাংসদজনৰ নিৰাপত্তা ব্যৱস্থা প্রত্যাহাৰ কৰে। কালি হৰভজন সিঙৰ জলন্ধৰৰ বাসভৱনৰ বাহিৰত একাংশ আপ কর্মী-সমর্থকে বিক্ষোভপ্রদর্শন কৰে। তেওঁলোকে তেওঁৰ ঘৰৰ দেৱালত ‘গাড্ডাৰ'(বিশ্বাসঘাতক) বুলিও লিখি দিয়ে। ইয়াৰ পিচতে আজি সিঙৰ নিৰাপত্তাৰ দায়িত্ব চি আৰ পি এফক দিয়ে কেন্দ্রই। গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰৰ মতে দিল্লী-পঞ্জাবত এতিয়াৰে পৰা হৰভজন সিঙৰ নিৰাপত্তা চি আৰ পি এফ জোৱানে ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *