সাৱধান! বিদেশী অপতৃণ পার্থেনিয়ামে ভৰিছে ঢকুৱাখনাৰ চৌপাশ
ভয়ংকৰ ৰূপত বৃদ্ধি প্ৰকৃতিৰ অজান শত্ৰু হিচাপে চিহ্নিত পাৰ্থেনিয়াম
জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি
পুলকজ্যোতি বৰা,ঢকুৱাখনা,১১জুন:

ৰাজ্যৰ পথ-পথাৰত ৰঘুমলাৰ দৰে বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম।ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা অপতৃণ পাৰ্থেনিয়ামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে গুৰুতৰ ভাবুকি।মাৰাত্মক তথা মানৱ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বৰবিহ স্বৰূপ এই পাৰ্থেনিয়ামে সকলোৰে অগোচৰে এক ভয়ংকৰ সময় কঢ়িয়াই আনিছে অসমলৈ।সমগ্ৰ অসমৰ লগতে ঢকুৱাখনাতো অতি মৰাত্মক ৰূপত পাৰ্থেনিয়াম নামৰ অপতৃণই ছানি ধৰা পৰিলক্ষিত হৈছে।ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে প্ৰকৃতিৰ অজান শত্ৰু হিচাপে পৰিচিত বিষাক্ত পাৰ্থেনিয়াম।সম্প্ৰতি ব্যাপকভাৱে বগীবিলৰ পৰা ঢকুৱাখনাৰ মাতমৰা হৈ মাজুলী সংযোগী পথৰ দুয়োকাষে ছানি ধৰিছে বিষাক্ত পাৰ্থেনিয়াম।অতি বিষাক্ত পাৰ্থেনিয়ামৰ ভয়ংকৰ বৃদ্ধিয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ।আন গছৰ দৰেই ৰাস্তাৰ কাষত অথবা বাৰীৰ চুকত লহপহকৈ গজি উঠা আৰু সময়ত বগা বগা ফুল ফুলা এই বন কোনো সাধাৰণ বন নহয়।সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়াম।জীৱ-জন্তুৰ পৰা মানৱ স্বাস্থ্যলৈকে অতি ভয়ংকৰ এই পাৰ্থেনিয়াম।উদ্ভিদ বিজ্ঞানত বিষাক্ত হিচাপে চিহ্নিত এই পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে জ্বৰ, চৰ্দি,কাহ,হাঁপানী,এলাৰ্জি আদি ৰোগৰ লগতে হাওঁফাওঁৰ গুৰুতৰ ৰোগত।এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে ইয়াৰ মাজেৰে গৰু -ছাগলী পাৰ হ’লে বা এই পাৰ্থেনিয়াম ভক্ষণ কৰিলে ৰোগাক্ৰান্ত হৈ পৰিব পাৰে মৃত্যুমুখত।তদুপৰি এই অপতৃণ মৰি যোৱাৰ সময়ত ই ধূলি হৈ বতাহত মিলি যায় আৰু সহজতে মানৱ শৰীৰত আক্ৰান্ত কৰে।তথ্য অনুসৰি-১৯৫৫ চনত ভুল:বশত ভাৰতলৈ আহিছিল বিষাক্ত পাৰ্থেনিয়াম। আমদানিকৃত ঘেঁহুৰ লগত ভাৰতলৈ আহিছিল পাৰ্থেনিয়াম।পাৰ্থেনিয়ামৰ জীৱন কাল তিনিৰ পৰা চাৰি মাহ। এই সময়ছোৱাত এজোপা গছে তিনিবাৰকৈ ফুল ফুলি বীজ উৎপাদন কৰি বংশ বৃদ্ধি কৰে। এজোপা গছত চাৰি হাজাৰৰ পৰা পঁচিশ হাজাৰ পৰ্য্যন্ত বীজ ধৰে বাবে বংশবৃদ্ধি দ্ৰুত গতিত বৃদ্ধি পাইছে।উদ্ভিদ বিজ্ঞানীসকলৰ মতে-পাৰ্থেনিয়ামৰ ফুল আৰু বীজত Sesquiterpene Lactones নামৰ এক টক্সিন বা বিষ পোৱা যায়। এই টক্সিন মানুহ আৰু জীৱ জন্তুৰ বাবে অতি ক্ষতিকাৰক। জন্তুৰ শৰীৰ ফুলি উঠে, জ্বৰ, বদহজম আৰু নানা উপসৰ্গই দেখা দিয়ে। মানুহৰ শৰীৰত লাগিলে ছাল ৰঙা পৰি খজুৱতি হয়। সময়ত ই ছালৰ কেঞ্চাৰ ৰোগৰ কাৰণো হৈ পৰে।ফুলৰ ৰেণু ইমানেই ক্ষুদ্ৰ যে ই উশাহ-নিশাহ লওঁতে শৰীৰত সোমাই হাঁওফাঁওত প্ৰৱেশ কৰি নানা ধৰণৰ ৰোগৰ সৃষ্টি 
তুলনামুলকভাবে পৰ্যবেক্ষণ কৰিলে দেখা যায় বৰ্তমান ঢকুৱাখনাত চৰ্দী জ্বৰ কাঁহ চকুৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে।গছ জোপাৰ পৰা দহ মিটাৰৰ ভিতৰত থাকিলেই ইয়াৰ ৰেণু উশাহ-নিশাহ লওঁতে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি এই সমূহ ৰোগৰ কাৰণ হৈ পৰিব পাৰে।পাৰ্থেনিয়ামৰ এই ভয়ংকৰ বিস্তাৰে অতি কম সময়ৰ ভিতৰতে বহু লোকক আক্ৰান্ত কৰাটো নিশ্চিত!উল্লেখ্য যে, এই গছজোপা চিনাক্ত কৰিবলৈ অতিকৈ সহজ। ইয়াৰ উচ্চতা ০.৫ পৰা ২ মিটাৰ পৰ্যন্ত হয়। পাত সৰু আৰু আঙুলিৰ দৰে খাজ কটা, সেউজীয়া, ৰোমযুক্ত, আৰু বিকল্প পাত যুক্ত। গুচ্ছৰূপত ৫ মি.মি. ব্যাসৰ পুষ্পবিন্যাসৰ সৈতে ফুলবোৰ সৰু, বগা ৰঙৰ হয়। বীজ ক’লা, পাখি-আকৃতিৰ, বগা আঁচল থকা। এজোপা গছে বছৰি প্ৰায় ২০ ৰ পৰা ২৫ হাজাৰ পৰ্য্যন্ত গুটি উৎপাদন কৰিব পাৰে। বছৰত দুবাৰ এপ্রিল-জুন আৰু চেপ্তেম্বৰ-নৱেম্বৰ মাহত ফুল ফুলি গুটি ধৰে। ই অতি প্রতিকূল ঠাইটো সহজে জীয়াই থাকিব পাৰে। তাৰোপৰি দ্রুতগতিত বৃদ্ধি হ’ব পৰা ক্ষমতা থকা বাবে কাষৰ ঠাইখিনিৰ পৰা পুষ্টি বেছিকৈ আহৰণ কৰি প্ৰতিৱেশী উদ্ভিদবোৰ ক্ষতি হয়।এইবিধ উদ্ভিদ সমগ্র বিশ্বৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। IUCNয়ে ‘বিশ্বৰ আটাইতকৈ ক্ষতিকাৰক অপকাৰী উদ্ভিদ প্রজাতি” ৰ তালিকাত অন্তর্ভুক্ত কৰিছে। ভাৰত, অষ্ট্ৰেলিয়া, ইথিঅপিয়া, আৰু দক্ষিণ আফ্রিকাত বিশেষ সমস্যা ৰূপে থিয় দিছে।জলবায়ু পৰিবৰ্তনৰ লগে লগে ইয়াৰ বিস্তাৰণ ক্ষিপ্ৰতৰ হ’বলৈ ধৰিছে। ইয়াৰ বিস্তাৰ নতুন অঞ্চললৈ হোৱাৰ সম্ভাৱনা অধিক।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাত উদ্বেগজনকভাৱে
বৃদ্ধি পোৱা বিষাক্ত এই অপতৃণবিধক তাৎক্ষণিকভাৱে ধ্বংস কৰিবলৈ সংশ্লিষ্ট বিভাগকবিভাগক দাবী জনাইছে সচেতন ৰাইজে।