...

দুধনৈত নৃশংস হত্যাকাণ্ড!

দুধনৈত নৃশংস হত্যাকাণ্ড!

সমবায় সমিতিৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত

চাইন অন ডেস্ক:

দুধনৈৰ মাজ মজিয়াত আজি এক জঘন্য হত্যাকাণ্ডই চাঞ্চল্য বিৰাজ কৰিছে।
দুধনৈ দৈনিক বজাৰত থকা সমবায় সমিতি কাৰ্যালয়ৰ সন্মুখত এটা পুৰুষৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
​পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত মৃতদেহটো প্ৰত্যক্ষ কৰে।
​
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৃতদেহটো বহু দূৰৰ পৰা চোঁচৰাই আনি দোকানৰ সন্মুখত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।
​
প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, নিহত ব্যক্তিগৰাকী দুধনৈ নদীৰ পাৰত বসবাস কৰা বাটচু ৰাহা বুলি চিনাক্ত কৰা হৈছে।
​ঘটনাৰ খবৰ পোৱাৰ লগে লগে দুধনৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *