...

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী “জেউতি মৰল ৰত্ন” বঁটা

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী “জেউতি মৰল ৰত্ন” বঁটা

চাইন অন ডেস্ক,১২জুন:

উজনি অসমৰ অন্যতম এক সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়ানুষ্ঠান জেউতি মৰল সঙ্ঘৰ উদ্যোগত অহা ১৪ জুন, দেওবাৰে বিয়লি ৩ বজাত জেউতি মৰল সঙ্ঘৰ প্ৰাঙ্গণত যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়াদেৱক সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী “জেউতি মৰল ৰত্ন” বঁটা আগবঢ়োৱা হ’ব । উল্লেখযোগ্য যে জেউতি মৰল সঙ্ঘ্ আৰু বৰ্মন দেৱৰ পৰিয়াল বৰ্গ্ই প্ৰতি বছৰে সামাজিক, সাংস্কৃতিক,সাহিত্য, উদ্যোগ বাণিজ্য আদিত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি বিশেষক এই বঁটাৰে সন্মানিত কৰাৰ পৰিকল্পনা কৰিছে ।এইটো বৰ্ষত প্ৰথিতযশা অভিনেতা বিষ্ণু খাৰঘৰীয়াক এই বঁটা প্ৰদান কৰিবলৈ বাছনি কৰা হৈছে । স্বনামধন্য অভিনেতা জনক মূল বঁটাৰ লগতে এক বুজন পৰিমাণৰ ধনৰ চেক প্ৰদান কৰা হ’ব। উদ্যোক্তা সকলৰ হৈ জেউতি মৰল সঙ্ঘৰ সভাপতি মনোজ কুমাৰ বৰুৱা, সম্পাদক দেৱজিৎ বুঢ়াগোহাঁই আৰু পৰিয়ালৰ বৰ্গৰ পৰা অধিবক্তা সুব্ৰত বৰ্মনে সকলোৰে সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *