ৰূপহীহাটৰ ৰাইজৰ প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন
পহু উদ্ধাৰ কৰি চমজাই দিলে বন বিভাগক
ৰূপহীহাট,২৫মে’:
ৰূপহীহাটৰ কাছখাইটিৰ ৰাইজে দেখুৱালে প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন।আজি লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰে এটি হৰিণা পহু।দুপৰীয়া ভাগত কৃষকে পথাৰত ধান কাটিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে হৰিণাটিক। লগে লগেই স্থানীয় ৰাইজ একত্ৰিত হৈ হৰিণা পশুটিক ধৰিবলৈ সক্ষম হয় ।ৰাইজে পশুটিক ধৰি লাওঁখোৱা অভয়াৰণ্যৰ বন বিভাগক খবৰ দিয়ে । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পহুটো উদ্ধাৰ কৰি লাওখোৱ অভয়াৰণ্যত মুকলি কৰি দিয়ে। কাছখাইটিৰ ৰাইজে দেখুওৱা প্ৰকৃতি প্ৰেমৰ নিদৰ্শনক সকলোৱে একে মুখে শ’লাগ লৈছে।
Like this:
Like Loading...