...

গণশিল্পী জুবিন গাৰ্গক সশ্ৰদ্ধ সোঁৱৰণ

গণশিল্পী জুবিন গাৰ্গক সশ্ৰদ্ধ সোঁৱৰণ

নাম-প্ৰসংগৰে জুবিনক সোঁৱৰণ বালিপৰাবাসীৰ

চাইন অন ডেস্ক ১৯ছেপ্তেম্বৰ:

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি অসমৰ হাৰ্টথ্ৰব ,গণশিল্পী জুবিন গাৰ্গক শোণিতপুৰৰ বালিপৰাতো সশ্ৰদ্ধ সোঁৱৰণ কৰা হয় । বালিপৰা বয়জ ক্লাব, বালিপৰা পেপচি ক্লাব আৰু বৃহত্তৰ বালিপৰা যুৱ মঞ্চৰ যৌথ উদ্যোগত আজি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰংগমঞ্চত “জুবিন দিৱস “ৰ অনুষ্ঠান আয়োজন কৰা হয় । জুবিন গাৰ্গক প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমাজসেৱক দীপক বৰাই । তাৰ পিছতে ড০ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বালিপৰা উন্নয়ন কমিটিৰ সভাপতি , অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম মেধিয়ে । একেদৰে, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমীপত নিৰ্মাণ হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিস্থলীত আধাৰশিলা স্থাপন কৰে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ধৰ্মেশ্বৰী শইকীয়াই । গায়ন-বায়নৰ গীত-মাত পৰিৱেশন, পুৰোহিতৰ মন্ত্ৰোচাৰণৰ এক মাংগলিক পৰিৱেশৰ মাজত আধাৰশিলা স্থাপন কৰা হয় । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নিৰ্মাণ হ’বলগীয়া প্ৰতিমূৰ্তি দান কৰিছে বালিপৰাৰ যুৱ সমাজসেৱক, প্ৰতিষ্ঠিত ব্যৱসায়ী অৰূপ সেন ডেকাই ।আধাৰশিলা স্থাপনৰ পিছতে ঢেকেৰীগাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃৰ দলে নাম-প্ৰসংগ ,হৰি নাম আদি পৰিৱেশন কৰাত অনুষ্ঠানস্থলীত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হয় । অনুষ্ঠানত মূৰ্তিস্থানৰ ভূমি দাতাসকলকো সম্বৰ্ধনা জনোৱা হয় । সমাজসেৱক সঞ্জীৱ নাথে আঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি যুৱ লেখক, নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰাই ভাষণ প্ৰসংগত কয় যে জুবিন গাৰ্গ এক মানৱতাবাদী, মুক্তিকামী গণসত্তা । গীত,কবিতা, বোলছবি ,মানৱধৰ্মী সমাজসেৱাৰে জুবিন গাৰ্গে জনতাৰ হৃদয়ত সুৰক্ষিত স্থান অধিকাৰ কৰিছে । পুঁজিবাদৰ বিৰুদ্ধে এক সমাজবাদী সত্তা জুবিন গাৰ্গৰ অৰিহণাসমূহ নৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰিব লাগিব । যুৱ সমাজে জুবিন গাৰ্গৰ জীৱন-দৰ্শন , সৃষ্টিৰাজিৰ অধ্যয়ন কৰি নিজৰ লগতে সমাজকো আগবঢ়াই নিব লাগিব ।বাস্তৱিক কৰ্ম সম্পাদনৰ মাজেদি আমি জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিম । ” অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশেষভাৱে সক্ষম যুৱতী ক্ৰীষ্টিনা পাহাদী,ৱ জুবিন সংগীতক চৰ্চা কৰি অহা বালিপৰাৰ যুৱক আকাশ প্ৰধানৰ লগতে কেইবাগৰাকীও যুৱক, শিশুৱে জুবিনৰ কালজয়ী গীত পৰিৱেশ কৰি সকলোকে আপ্লুত কৰে । অনুষ্ঠানটোত জুবিন দিৱসৰ লগত সংগতি ৰাখি দুটা শাখাত অনুষ্ঠিত “জুবিন “বিষয়ক ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰাৰ লগতে বিজয়ীসকলক পুৰস্কাৰো প্ৰদান কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সমাজসেৱক ধৰ্ম দাস, অৰূপ সেন ডেকা, অৰূপ শইকীয়া, ৰাজনীশ শইকীয়া, মনোজ দাস, তৰুণ মহাজন,হেমেন শইকীয়া, তপন শইকীয়া, হিৰোজ শইকীয়া, প্ৰণৱ মেধি, ৰূপা কলিতা, কৈলাশ মণ্ডলৰ লগতে ভালেমান উদ্যোক্তা, ৰাইজ,বিদ্যালয়ৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *