...

গৰৈমাৰীত নিশা চাঞ্চল্যকৰ ঘটনা

Spread the love

 

 

গৰৈমাৰীত নিশা চাঞ্চল্যকৰ ঘটনা

 

 

যুৱতীক চোকা অস্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা

 

 

গৰৈমাৰী:

কামৰূপ জিলাৰ গৰৈমাৰীৰ চৌধুৰীপামত কলেজীয়া ছাত্ৰী খাইৰুণ নেছা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গৰৈমাৰীত পুনৰ আন এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ডেগাৰেৰে ঘপিয়াই হত্যাৰ অপচেষ্টা আঞ্জু বেগম নামৰ এগৰাকী যুৱতীক।
এই ঘটনা সংঘটিত হৈছে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত। জানিব পৰা মতে বিগত ৫ বছৰ পুৰ্বে গৰৈমাৰী আৰক্ষী থানাৰ অন্তৰ্গত কানহাৰা গাঁৱৰ যুৱতী আঞ্জুৱাৰা বেগমৰ বিবাহ হৈছিল মহিমাৰী গাঁৱৰ আব্দুল কাদেৰৰ পুত্ৰ আব্দুল হাই নাগৰিৰ সৈতে । বিয়াৰ এবছৰ নৌহওঁতেই দুয়োৰে মাজত সৃষ্টি হৈছিল পাৰিবাৰিক কন্দল।বিয়াৰ কিছুদিন পিছৰ পৰাই স্বামী আব্দুল হাই নাগৰিয়ে যৌতুক বিছাৰি শাৰিৰীক মানসিক নিৰ্যাতন চলাই গৈছিল পত্নী আঞ্জুৱাৰা বেগমক। উল্লেখ্য যে বিগত প্ৰায় ৪ বছৰ ধৰি স্বামীৰ ভৰণ-পোষণৰ পৰা বঞ্চিত হৈ পিতৃ গৃহত থাকি ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত শ্ৰমিক হিচাপে কৰ্মৰত হৈ জীৱিকাৰ পথ মোকলাই লৈছিল যুৱতী গৰাকীয়ে।
দেওবাৰে ৰাতি আঞ্জুৱাৰা বেগমে ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত নিজৰ কাম সামৰি সমনীয়াৰ সৈতে এখন ই-ৰিক্সাৰে কানহাৰাস্হিত পিতৃ গৃহলৈ আহি থকা অৱস্থাত পূৰ্ব পৰিকল্পিত ভাবে পুখুৰীপাৰস্হিত গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপতে লম্পট স্বামী আব্দুল হাই নাগৰিয়ে ই ৰিস্কা ৰখাই আঞ্জুৱাৰা বেগমক নামিবলৈ কয়।কিন্ত আঞ্জুৱাৰা বেগমে নামিবলৈ অমান্তি হোৱাত লগে লগে লম্পট স্বামীয়ে উপৰ্যুপৰি ডেগাৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়। ফলত ডেগাৰৰ ঘাপত বোৱাৰী গৰাকী ক্ষত-বিক্ষত হৈ পৰে।এই দৃশ্য দেখি ই ৰিস্কাত থকা আন যাত্ৰী সকল ভয়বিত হৈ পৰে। যুৱতী গৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষাৰ্থে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও যুৱতী গৰাকীৰ অৱস্থা অধিক সংকটজনক দেখি চিকিৎসকে ততাতৈয়াকৈ যুৱতী গৰাকীক GMCH লৈ প্ৰেৰণ কৰে। ইফালে লম্পট স্বামীয়ে পত্নীৰ লগত থকা ১০ হাজাৰ টকা লৈ পলাই যাবলৈ সক্ষম হয়। এই ঘটনাত আব্দুল হাই নাগৰিৰ সৈতে ই-ৰিক্সা চালকজন জৰিত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী যুৱতী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *