...

কাতি বিহুৰ দিনা ভয়ংকৰ অঘটন!

Spread the love

 

 

কাতি বিহুৰ দিনা ভয়ংকৰ অঘটন!

 

 

বকলীয়াঘাটত জুঁইত জাহ গল এটা গৃহ

 

 

বোকাজান:

কাতি বিহুৰ সন্ধিয়া বকলীয়াঘাট হালধিআটিত জুঁইত জাহ গল এটি বাসগৃহ ৷শংকৰ বৰা নামৰ লোক এজনৰ গৃহত স্বৰ্ট ছাৰকিটৰ ফলত অগ্নিকাণ্ড টো সংঘতিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে ৷

উল্লেখ্যযোগ্য, যে ঘৰত তলা মাৰি পৰিয়ালটো উলাই যোৱাৰ পাছতেই বিধ্বংসী অগ্নিকাণ্ডই মুহুৰ্ততে নিঃশেষ কৰি পেলালে সকলো সা সম্পত্তি।জীৱন্তে দুটা ছাগলী, মূৰ্গী, স্কুটিৰ লগতেই কেইবা লক্ষাধিক টকাৰ সা সম্পতি জুইত জাহ যায় ।অগ্নি নিৰ্বাপক বাহিনী হাওৰাঘাটৰ পৰা উপস্থিত হোৱাৰ পূৰ্বেই সকলো সা-সম্পতি জুইত ভষ্মীভূত হয় ৷

(বোকাজানৰ পৰা অনুৰাগ ভূঞা)

Leave a Reply

Your email address will not be published. Required fields are marked *