দুবছৰেই বন্ধ বাছ সেৱা!
ধুবুৰী–শিলিগুৰি এএছটিচি বাছ সেৱা
শীঘ্ৰে পুনৰ সেৱা আৰম্ভৰ দাবী আছুৰ
চাইন অন ডেস্ক,১৭জুলাই:
ধুবুৰীৰ পৰা পশ্চিমবংগৰ শিলিগুৰিলৈ চলাচল কৰা অসম ৰাজ্যিক পৰিবহণ নিগম (এএছটিচি)ৰ নিজস্ব বাছ সেৱা প্ৰায় দুবছৰে বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণৰ যাত্ৰীৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। চৰকাৰী বাছ সেৱা বন্ধ হৈ থকাৰ ফলত স্বাভাবিকভাবেই যাত্ৰীসকল ব্যক্তিগত খণ্ডৰ শিলিগুড়িগামী যাত্ৰীবাহী বাছৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ধুবুৰী জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী, পৰিবহণ বিভাগৰ মন্ত্ৰী, ধুবুৰী জিলা আয়ুক্ত আৰু এএছটিচিৰ পৰিচালন সঞ্চালকৰ ওচৰত ধুবুৰীৰ পৰা শিলিগুৰিলৈ বাছ সেৱা অনতিপলমে পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে। ইপিনে,
