দেশৰ শীৰ্ষ ৫০খন চিকিৎসা প্ৰতিষ্ঠানৰ তালিকাত অসম মেডিকেল !
আন্তঃগাঁথনি আৰু চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ
চাইন অন ডেস্ক,৩০জুনঃ
ৰাজ্যৰ স্বাস্থ্য আৰু স্বাস্থ্য শিক্ষা বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে। ৰাজ্যৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ, আন্তঃগাঁথনি, আৰু চিকিৎসা সেৱাৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী সিংহালে। চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়, য’ত চিকিৎসালয়খনৰ পৰিচালনা আৰু ভৱিষ্যতৰ উন্নয়নমূলক কাৰ্যপন্থাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। ইফালে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী সিংহালে কেইবাটাও গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে এএমচিএইচৰ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সততা আৰু নিষ্ঠাৰ শলাগ লয়। তেওঁ কয় যে প্ৰতিষ্ঠানটোৱে কেৱল ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰাই নহয়, চিকিৎসা শিক্ষাৰ ক্ষেত্ৰতো এক উৎকৃষ্ট পৰিৱেশ গঢ়ি তুলিছে। আগন্তুক সময়ত এই প্ৰতিষ্ঠানটোক ভাৰতবৰ্ষৰ অগ্ৰণী ৫০ খন চিকিৎসা আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ ভিতৰত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি, সেই বিষয়ে বৈঠকত বিশদভাৱে আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। লগতে, অঞ্চল বিশেষে দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত সমস্যা আৰু ৰোগৰ ওপৰত এএমচিএইচক বিশেষ গৱেষণা কৰিবলৈ তেওঁ আহ্বান জনায়। চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ অত্যাধিক ভিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংহালে চৰকাৰৰ স্বাস্থ্য সেৱাৰ এক স্পষ্ট বিকেন্দ্ৰীকৰণ নীতিৰ কথা
উল্লেখ কৰে। তেওঁ কয় যে ডিব্ৰুগড়ৰ পৰা যোৰহাট, আনফালে বিশ্বনাথ, ধেমাজি, লখিমপুৰ আদি বিস্তৃত অঞ্চলৰ আটাইতকৈ স্পৰ্শকাতৰ আৰু জটিল ৰোগীসকলৰ মূল ভৰসা হৈছে এএমচিএইচ। সেয়েহে, চিকিৎসা মহাবিদ্যালয়খনে ভৱিষ্যতে কেৱল জটিল ৰোগীসকলৰ চিকিৎসাতহে অধিক গুৰুত্ব প্ৰদান কৰিব।তেওঁ স্পষ্ট কৰি দিয়ে যে যিবোৰ সাধাৰণ ৰোগৰ চিকিৎসা জিলা চিকিৎসালয়, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ সম্ভৱ, সেইবোৰ ৰোগীয়ে চিকিৎসা মহাবিদ্যালয়লৈ অহাৰ প্ৰয়োজন নাই। চৰকাৰে গাঁৱে-ভূঁৱে থকা এই চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক আৰু ঔষধৰ ব্যৱস্থা কৰিছে। ৰাইজক ব্যক্তিগত চিকিৎসালয়ত ধন খৰচ কৰাৰ পৰিৱৰ্তে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ উন্নত মানদণ্ডৰ সেৱা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। ইফালে ৰাজ্যত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ অভাৱ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এক স্পষ্ট পৰিসংখ্যা দাঙি ধৰে। তেওঁ কয় যে স্বাস্থ্যখণ্ডত মূলত দুই ধৰণৰ কৰ্মচাৰীৰ প্ৰয়োজন হয়— সহায়ক কৰ্মচাৰী আৰু চিকিৎসক। বৰ্তমান অসমত এমবিবিএছ চিকিৎসকৰ কোনো অভাৱ নাই। প্ৰতি বছৰে প্ৰায় ১০০০ গৰাকী এমবিবিএছ আৰু প্ৰায় ৬০০ গৰাকী স্নাতকোত্তৰ চিকিৎসকে (মুঠ ৮০৩ খন আসনৰ বিপৰীতে) শিক্ষা গ্ৰহণ কৰি
ওলাই আহিছে আৰু তেওঁলোকে চৰকাৰী নিয়ম অনুসৰি বাধ্যতামূলক সেৱা আগবঢ়াই আছে। অৱশ্যে, এগৰাকী দক্ষ বিশেষজ্ঞ চিকিৎসক গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো যে দীঘলীয়া, সেই কথা তেওঁ ৰাইজক বুজিবলৈ অনুৰোধ কৰে। মন্ত্ৰীগৰাকীৰ মতে, সাধাৰণ মানুহৰ ধাৰণা যে চিকিৎসক দুবছৰতে তৈয়াৰ হৈ যায়। কিন্তু বৰ্তমান সময়ত এমবিবিএছ কেৱল এটা প্ৰাথমিক ডিগ্ৰীহে। এটা বিভাগ সুচাৰুৰূপে চলাব পৰা বা মুৰব্বী হ’ব পৰা এগৰাকী ছুপাৰ স্পেচিয়েলিটি চিকিৎসক গঢ় লৈ উঠিবলৈ ১২ ৰ পৰা ১৪ বছৰ সময়ৰ প্ৰয়োজন হয়। সংবাদমেলৰ অন্তত মন্ত্ৰী সিংহালে চিকিৎসা খণ্ডৰ ধাৰাবাহিক উন্নয়নৰ কথা উল্লেখ কৰি কয় যে কোনো এখন চিকিৎসা মহাবিদ্যালয় এদিনতে গঢ় লৈ নুঠে। এএমচিএইচে আজিৰ পৰ্যায় পাবলৈ ৮০ বছৰ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ৬৫ বছৰ অতিক্ৰম কৰিবলগীয়া হৈছে। ৰাজ্যৰ চিকিৎসা শিক্ষা খণ্ডটো লাহে লাহে উন্নত হৈ গৈ থকা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান এএমচিএইচত বিভিন্ন ধৰণৰ নতুন বিভাগ খোলা, পুৰণি বিভাগসমূহৰ উন্নীতকৰণ আৰু নতুনকৈ ডিএম পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। পূৰ্বতে এনেধৰণৰ দূৰদৰ্শী চিন্তা কৰা হোৱা নাছিল বুলি উল্লেখ কৰি তেওঁ বৰ্তমান গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ শলাগ লয়। এই পৰ্যালোচনা বৈঠকত কেবিনেট মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত ফুকন, চিকিৎসা শিক্ষা সঞ্চালক, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব লগতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞা আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।
Like this:
Like Loading...