যশস্বী সুৰকাৰ, কবি,অভিনেতা,ঘোষক , নাট্যকাৰ আৰু গিটাৰিষ্ট চৈয়দ ছাদুল্লা আৰু নাই
শিল্পী সমাজত গভীৰ শোকৰ বন্যা
চাইন অন ডেস্ক:
যশস্বী সুৰকাৰ, কবি,অভিনেতা,
ঘোষক , নাট্যকাৰ আৰু গিটাৰিষ্ট চৈয়দ ছাদুল্লা গুৱাহাটী মেডিকেল কলেজত আজি কিছু সময় আগতে চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়।
অসমৰ এগৰাকী যশস্বী সুৰকাৰ,কবি,অভিনেতা,
ঘোষক , নাট্যকাৰ আৰু গিটাৰিষ্ট চৈয়দ ছাদুল্লা অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিছু দিন ধৰি চিকিৎসাধীন হৈ আছিল।তেখেত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথম গৰাকী বাতৰি পঢ়োতা আছিল। তেওঁ দুৰদৰ্শন,নেচনেল জিয়গ্ৰাফিক চেনেল আৰু ডিচকভাৰী চেনেলৰ সৰ্বমুঠ ১০০ খনতকৈ অধিক
ডকুমেন্টৰীৰ ঘোষক আছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এসময়ৰ প্ৰতি দেওবাৰে সন্ধিয়া চাৰে সাতটা বজাত পোন্ধৰ মিনিটৰ বাবে প্ৰচাৰিত মনোৰঞ্জনধৰ্মী অনুষ্ঠান ‘বৰ্ণালী’ অনুষ্ঠানৰ সঞ্চালক আছিল।শিৱসাগৰ জিলা সাহিত্য সভাই আগবঢ়োৱা জিকিৰ শিল্পী কেৰিমুদ্দিন আহমেদ সোঁৱৰণী শিল্পী বঁটা ২০২৫ বৰ্ষৰ বাবে চৈয়দ ছাদুল্লাক প্ৰদান কৰিছিল।শিল্পী গৰাকীৰ এনে অনাকাংক্ষিত মৃত্যুত গৃহ চহৰ ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পৰিছে।শিল্পী গৰাকীৰ মৃত্যুত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব,ডায়মণ্ড ষ্পটিং ক্লাব,মিলনজ্যোতি সংঘ,ডিব্ৰুগড় প্ৰেছ ক্লাব,ডিব্ৰুগড় সাহিত্য সভাৰ, আখৰা ঘৰৰ,আজনকা নাট্য গোষ্ঠীৰ দল,ডিব্ৰুগড়ৰ আঞ্চলিক সাহিত্য সভাৰ লগতে বিভিন্ন শিল্পীৰ সমাজে ছাদ্দুলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।জানিব পৰা অনুসৰি মৃতদেহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ বাসগৃহলৈ আজি লৈ অহা হব।