মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহৰ শিশু মহীয়ান,শিশু বন্ধু,পাৰিজাত সৌৰভ,শিশু ভাস্কৰৰ শিশুকৰ্মীৰ নাম ঘোষণা
নগাঁও
সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ আৰু অষ্টাদশ ৰাজ্যিক শিশু সমাৰোহ অনুষ্ঠানটি ২৬ডিচেম্বৰৰ পৰা ২৯ডিচেম্বৰলৈ গোলাঘাট জিলাত অনুষ্ঠিত হ’ব। মৰঙীৰ পোৰা বঙলাত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতে মইনাসকলৰ বাবে দীৰ্ঘদিন সেৱা আগবঢ়াই অহা শিশু কৰ্মীসকলক উপাধি প্ৰদান কৰি আহিছে । চলিত বৰ্ষত ৪জনক শিশু মহীয়ান,৩০জনক শিশু বন্ধু,১জনক পাৰিজাত সৌৰভ আৰু ১জনক শিশু ভাস্কৰ উপাধি প্ৰদান কৰা হʼব ৰাজ্যিক শিশু সমাৰোহৰস্থলীত । “শিশু মহীয়ান” সকল হৈছে–প্রদীপ হাজৰিকা (লক্ষীমপুৰ),ড° মন্টুমণি দত্ত (তিতাবৰ),লোহিত চন্দ্ৰ বৰা (মাজুলী), দুগ্ধ দত্ত (গোলাঘাট)। “শিশু বন্ধু”সকল হৈছে–মাখন বড়া (শিৱসাগৰ),হেমন্ত বৰদলৈ (তিতাবৰ),মনোৰঞ্জন সেন (বোকাখাত),প্রবীণ গগৈ (তেজপুৰ), গণেশ চন্দ্ৰ শইকীয়া (যোৰহাট),প্রবীণ চুতীয়া (যোৰহাট),যোগেশ্বৰ কছাৰী (যোৰহাট),সোণমাই দত্ত বৰা (যোৰহাট),ললিতা শৰ্মা (তেজপুৰ), দেৱজ্যোতি হাজৰীকা (গোলাঘাট), ইন্দ্ৰেশ্বৰ ৰাজখোৱা (মাজুলী), ধীৰেন্দ্ৰনাথ শৰ্মা (গোলাঘাট),লোকদা হাজৰিকা (গোলাঘাট),ৰমেশ মহন্ত, (কামৰূপ),জীৱেন্দ্ৰ নাথ শৰ্মা, (গুৱাহাটী),হিৰণ্য গোহাঁই সেনাপতি (ডিব্রুগড়),উমানন্দ বৰুৱা (উত্তৰ লক্ষীমপুৰ),বিপুল শৰ্মা বৰুৱা (উত্তৰ লক্ষীমপুৰ),পদ্মেশ্বৰ আৰন্ধৰা (চৰাইদেউ),অতুল ভট্টাচার্য্য (বিশ্বনাথ), হিমেশ্বৰ দত্ত (নামনি লক্ষীমপুৰ), দুলাল পূজাৰী (বিশ্বনাথ),ৰবিৰাম শইকীয়া (কলিয়াবৰ),সোমেশ্বৰী বড়ো (মঙলদৈ),গোবিন্দ চন্দ্র বড়া (শিৱসাগৰ),ৰত্নেশ্বৰ বৰা (মাজুলী), যোগেশ্বৰ বৰা (নামনি লক্ষীমপুৰ), বন্দনা দত্ত হাজৰিকা (ধেমাজি), আৰিফ ৰহমান(তিতাবৰ) আৰু ৰঞ্জিত চিৰিং (ধেমাজি)। “পাৰিজাত সৌৰভ” উপাধি প্ৰদান কৰা হৈছে–ড° অনিল শইকীয়া(প্রাক্তন মইনা,লোক সংস্কৃতিৰ সাধক)ক। “শিশু ভাস্কৰ” উপাধি প্ৰদান কৰা হৈছে–মইনা সকলৰ সহযোগী অনুষ্ঠান দিব্যাংগ শিশুসকলৰ শাৰিৰীক,মানসিক আৰু বৌদ্ধিক বিকাশ কামত আত্ম নিয়োগ কৰা ব্যক্তি ৰাজীৱ কুমাৰ সাউদক। উল্লেখ্য যে সমাৰোহখনি “জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ”ত অনুষ্ঠিত হ’ব ।
Like this:
Like Loading...