...

নগাঁৱৰ আমচৈত মঙলবাৰে অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Spread the love

 

 

 

নগাঁৱৰ আমচৈত মঙলবাৰে অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 

 

নগাঁও:-

নগাঁও জিলাৰ আমচৈত মঙলবাৰে অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰহা বিধানসভা সমষ্টি ভিত্তিত ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই উপলক্ষে আমচৈ ৰাজহুৱা ভবনত আয়োজিত সভাত সভাপতিত্ব কৰে অগপ নেত্ৰী নিবেদিতা পাটৰে। সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিষ্ণু দাসে কয় যে আঞ্চলিকতাবাদ থাকিলেহে জাতিৰ উত্তৰণ সম্ভৱ। অগপই বিগত ৪১বৰ্ষ গৰকি আঞ্চলিকতাবাদৰ লগতে জাতীয়তাবাদৰ ধ্বজা উৰুৱাই আহিছে। কিছু সময়ত অগপৰ বিপৰ্যয় আহিছে যদিও আজিও এই দলটো ৰাইজৰ অন্তৰত সোমাই আছে। তেওঁ লগতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰি কয় যে শিল্পী জুবিনৰ গাৰ্গৰ মৃত্যুৱে সকলোকে ব্যথিত কৰি ৰাখিছে। জুবিন গাৰ্গে জাতি-ধৰ্ম-বৰ্ণ সকলোকে মৰ্যাদা প্ৰদানৰ যি আদৰ্শ দেখুৱাইছিল সেই আদৰ্শৰে আমি আগুৱাই যাব লাগিব। অসম যুৱ পৰিষদৰ নেতা পংকজ দাসে আঁত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় সম্পাদক অতুল মেধিয়ে কয় যে অগপ শ্বহীদৰ তেজৰে গঠিত হোৱা দল অসম গণ পৰিষদ ধৰ্ম নিৰপেক্ষ দল। সভাত অগপ ৰহা বিধান পৰিষদৰ সভাপতি প্ৰণৱ দাসে ভাষণত কয় যেঅগপ দলে ৰাইজে প্ৰতিষ্ঠা কৰিছিল। এই দলটো নেতৃত্বই জীয়াই ৰাখিব নোৱাৰে। দল জীয়াই ৰাখিব তৃণমূল কৰ্মীসকলেহে।
সভাত অগপৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি বিনোদ বৰুৱা,অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উপ সভাপতি কুলেন বৰা,ৰহা বিধান পৰিষদৰ কাৰ্যবাহী সভাপতি পৱন চন্দ্ৰ বৰা,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোবিন শৰ্মা,অসম যুৱ পৰিষদৰ নেতা অমৰ জ্যোতি ফুকন,অগপৰ কেন্দ্ৰীয় নেতা পৰেশ বৈশ্যই অগপ দলটোক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়। সভাত উপস্থিত বক্তাসকলে ৰহা বিধানসভা সমষ্টিটোত অসম গণ পৰিষদৰ নেতা বিষ্ণু দাসক প্ৰাৰ্থী হিচাপে ২০২৬চনৰ বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক দাবী জনায়। ৰহা বিধান পৰিষদৰ সম্পাদক বিশ্ব জ্যোতি ভূঞাই উদ্দেশ্য বাখ্যা কৰা সভাত সমষ্টিটোৰ ২৭খন আঞ্চলিকৰ অগপৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।‌ সভাখনত ৰহা বিধানসভা সমষ্টিৰ জামুগুৰি-পাখিমৰীয়া মণ্ডলৰ সভাপতি ভূপেন ভাগৱতী,সম্পাদক মাণিক বৰা,বেবেজীয়া আঞ্চলিকৰ সভাপতি অৰূপ বেজবৰা,সম্পাদক বলীন্দ্ৰ বৰকাকতি, জামুগুৰি-কুজীডাঁহ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কৌস্তভ কুমাৰ বৰা,গাৰুখুন্দা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গোলাপ নাথ,কৃষক পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বলদেৱ সিং, ৰহা ৱাৰ্ড কমিচনাৰ ভূপেন দাস, ৰহা সমষ্টিৰ যুৱ পৰিষদৰ সম্পাদক নৰোত্তম নাথ,অধিবক্তা দণ্ডধৰ হাজৰিকা,ৰহা বিধানসভাৰ মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জু বৰা,অগপ নেতা কেশৱ দাস,ৰঞ্জন বৰা,দিব্যাৰাণী হাজৰিকাসহ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইপিনে পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিষ্ণু দাসে আৰু শ্বহীদ তৰ্পন কৰে কুলেন বৰাই। উল্লেখযোগ্য যে প্ৰতিষ্ঠা সভাত দেওধৰ পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৯জন সদস্যই অগপত যোগদান কৰে। এই সভাতে জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানো অনুষ্ঠিত হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *