...

ডিমৌত সংঘটিত এক নৃশংস ঘটনা

Spread the love

ডিমৌত সংঘটিত এক নৃশংস ঘটনা

নিজ কন্যাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা মাতৃৰ

৪ বছৰীয়া কন্যাক দাৰে ঘপিয়াই হত্যা

চাইন অন ডেস্ক:

ডিমৌত সংঘটিত হয় এক নৃশংস ঘটনা। নিজ কন্যাক হত্যা কৰি নিজেও আত্মহত্যা কৰিবলৈ চেষ্টা এগৰাকী মাতৃৰ। ডিমৌ খৰাহাটত সংঘটিত হৈছে এই কৰুণ ঘটনা। ৰুছীতা কালন্দী নামৰ ৪ বছৰীয়া কন্যাক দাৰে ঘপিয়াই হত্যা কৰাৰ পিছত কল্পনা কালন্দী নামৰ মাতৃ গৰাকীয়েও নিজে ডিঙিত দাৰে ৰেপি আত্মহত্যাৰ চেষ্টা চলাইছিল। পিছত স্থানীয় ৰাইজে মহিলা গৰাকীক ততাতৈকীয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। পিছত ডিমৌ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ মহিলা গৰাকীক নিজৰ জিন্মাত লৈ উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতেললৈ লৈ যায়। আনহাতে মাতৃয়ে নিজ কন্যাক কিয় হত্যা কৰিব লগা হল এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্র ঘটনা পোহৰলৈ আহিব। ইফালে, উক্ত ঘটনাই সমগ্র অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *