...

চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত মানকটা শতদল শাখাৰ বাৰেৰহণীয়া অনুষ্ঠান

Spread the love

 

চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত মানকটা শতদল শাখাৰ বাৰেৰহণীয়া অনুষ্ঠান

 

অণুগল্পৰ সংকলন ‘অণুকথা’ উন্মোচন
বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু অসম পুথি প্ৰশাসন আৰু বিক্ৰেতা সংস্থাৰ সহযোগত অনুষ্ঠিত হৈ থকা চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ চতুৰ্থ দিনা চৌকিডিঙ্গীৰ গ্ৰন্থমেলাৰ বাকৰিত মানকটা শতদল শাখা সাহিত্য সভাৰ বাৰেৰহণীয়া অনুষ্ঠানত অণুগল্প পাঠ, অণুগল্পৰ সংকলন ‘অণুকথা’ উন্মোচন আৰু ‘অসম ভিত্তিত জুবিন গাৰ্গ সোঁৱৰণী অণুগল্প প্ৰতিযোগিতা’ৰ পুৰস্কাৰ প্ৰদান কৰা হয়। শাখাৰ সদস্যসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ পৰিৱেশনৰে আৰম্ভ হোৱা পিছতে স্মৃতি তৰ্পণ অনুষ্ঠানত জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়াই আৰু সহযোগ কৰে বিশিষ্ট সাহিত্যিক গন্ধেশ্বৰ শইকীয়া,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য নোমল চন্দ্ৰ গগৈ আৰু মানকটা শতদল শাখা সাহিত্য সভা প্ৰাক্তন সভাপতি অণিমা কোচঁ গগৈয়ে। মিলনজ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকা, উপ-সভাপতি জ্ঞান শৰ্মা, মানকটা শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক কুশল কোঁৱৰ , প্ৰাক্তন সভাপতি পোনা সোনোৱালকে প্ৰমূখ্য কৰি শাখাৰ সদস্যসকল উপস্থিত থকা অনুষ্ঠানত মানকটা শতদল শাখাৰ উদ্যোগত লেখক নৰেন চন্দ্ৰ দাসৰ সম্পাদনাত প্ৰকাশ কৰা “অণুকথা”গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰাষ্ট্ৰপটি পুৰস্কাৰ প্ৰাপ্তৰ অৱসৰী কৃৰ্তী শিক্ষক গন্দেশ্বৰ শইকীয়াই। উন্মোচনী ভাষণত তেওঁ মানকটা শাখাৰ সাহিত্য সভাই নৱপ্ৰজন্মৰ লেখকসকলক সাহিত্য চৰ্চাৰ কৰা ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা কাৰ্যত সলাগ জ্ঞাপন কৰি তেওঁ এই অণুগল্পই কম সময়ত জ্ঞান অৰ্জন কৰা এই অনুগল্গই ২১ শতিকাৰ পৰাই লাহে লাহে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অধিক জনপ্ৰিয় হৈছে বুলি অভিমত দাঙিধৰে। একেটা অনুষ্ঠানতে অণুগল্প পাঠ অনুষ্ঠানত বহুকেইগৰাকী লেখক-লেখিকাই নিজৰ অণুগল্প পাঠ কৰা অনুষ্ঠানত নোমল চন্দ্ৰ গগৈ দ্বাৰা লেখিত প্ৰথমটি অণুগল্প আমন্ত্ৰিত লেখিকা দুলিয়াজানৰ সুৱৰ্ণ গগৈয়ে পাঠ কৰে। মানকটা শাখা সাহিত্য সভাৰ সম্পাদক নৱনীতা শ্যাম উৰঙীয়া আৰু সাংস্কৃতিক সম্পাদক কুশল কোঁৱৰে আতঁধৰা অনুষ্ঠানত সদৌ অসমভিত্তিত আয়োজিত হোৱা অণুগল্প প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰে।’অসম ভিত্তিত আয়োজন কৰা জুবিন গাৰ্গ সোঁৱঁৰণী অণুগল্প প্রতিযোগিতা’ত প্ৰথম স্থানলাভকৰে অঞ্জলী দেবী, শান্তিপুৰ, গুৱাহাটী,( অণুগল্পৰ নাম- উত্তৰণ,) দ্বিতীয় অমূল্য চেতিয়া, মেটেকা পথাৰ, শিৱসাগৰ, (অণুগল্পৰ নাম-সৰাপাত) আৰু তৃতীয় লোহিত মানিকীয়াল, ডিব্রুগড়, ( অণুগল্পৰ নাম- ৰ’দঘাই)। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ নতুকৈ আজীৱন সদস্য ভৰ্তি হোৱা প্ৰমাণ-পত্ৰ প্ৰদান কৰে আৰু জাতীয় সংগীত পৰিৱেশন কৰি কাৰ্যসূচী সামৰণি পৰে।ইয়াৰ পাছতে অধ্যাপক নগেন শইকয়া সাৰস্বত ন্যাস পৰিষদৰ উদ্যোগত আৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰিয়া বিশ্ববিদ্যালয়ৰ সহযোগত লাবণ্য শইকীয়াৰ সোঁৱৰণী বক্তৃতা আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়।অসমীয়া গীতি সাহিত্যত নাৰীৰ ভাৱনাৰ প্ৰতিফলন শীৰ্ষক বক্তৃতা প্ৰদান কৰে সাহিত্যাচাৰ্য ড কৰবী ডেকা হাজৰিকাই।সম্পাদক বীৰেন বৰুৱাই আঁতধৰা অনুষ্ঠানটোত ন্যাসৰ সভাপতি ড কন্দৰ্প কুমাৰ ডেকা,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড হীৰেন্দ্ৰ নাথ শৰ্মা,পঞ্জীয়ক পংকজ বৰঠাকুৰ,প্ৰচাৰ সম্পাদক ৰতন হাজৰিকাকে ধৰি বিষয়ববীয়া উপস্থিত থকা অনুষ্ঠানটোত ড নগেন শইকীয়াৰ অতীতেই মোৰ ঘৰ কে ধৰি প্ৰায় তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ড ভূপেন হাজৰিকা,জুবিন গাৰ্গৰ গীতৰ ওপৰত আধাৰিত গীত মাত কবিতা নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ড ৰাধাকৃষ্ণন স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।চতুৰ্থ দিনা গ্ৰন্থমেলা বাকৰিত যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰেমী উপস্থিত থকাৰ লগতে গ্ৰন্থ বিপনী সমূহত বিক্ৰীও সন্তোষ জনক বুলি অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *