নগাঁৱৰ ৰাইজৰ বাবে গৌৰৱময় সপোনৰ প্ৰকল্প “ব্ৰহ্মপুত্ৰ আই কেয়াৰ” গুণগত মানৰ চকুৰ স্বাস্থ্য সেৱাৰ এক বিশ্বাসযোগ্য নামত পৰিণত হৈছে। ৪বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত এই কেন্দ্ৰটোৱে নিষ্ঠা,মমতা আৰু আধুনিক চকুৰ যত্নৰ উৎকৃষ্টতাৰ প্ৰতীক হিচাপে থিয় দিছে । বিগত কেইবা বছৰ ধৰি ই উন্নত চিকিৎসা, নিৰ্ভৰযোগ্য নিদান আৰু ৰোগীকেন্দ্ৰিক সেৱাসমূহক সমাজৰ ওচৰলৈ লৈ আহিছে। “ব্ৰহ্মপুত্ৰ আই কেয়াৰ”ৰ চকুৰ যত্নে দৃষ্টিশক্তি পুনৰুদ্ধাৰ আৰু চকুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰতিশ্ৰুতিৰে জীৱন আলোকিত কৰি আহিছে। ইয়াৰ যাত্ৰাই কঠোৰ পৰিশ্ৰম,বিশ্বাস আৰু আন্তৰিকতাৰে আৰু বিশ্বমানৰ চকুৰ যত্নৰে নগাঁৱত সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি আহিছে। কালি প্ৰতিষ্ঠানখনৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰা হয়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কেইবাজনো কন্ঠশিল্পীয়ে দুইগৰাকী মহান শিল্পীৰ গীত পৰিৱেশন কৰাৰ লগতে নৃত্যৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জনায়। “ব্ৰহ্মপুত্ৰ আই কেয়াৰ”ৰ পৰিচালক তথা চিকিৎসক প্ৰাঞ্জল কুমাৰ গৌতমে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট কালিবাদক কলিৰাম বৰাক গীতাধ্যায়ী কামাখ্যাচৰণ ঠাকুৰ সমাজৰত্ন বঁটা- ২০২৫ প্ৰদান কৰে। নগাঁও চহৰৰ ইটাচালিৰ ষ্টাইল বজাৰ কমপ্লেক্সত আয়োজিত অনুষ্ঠানত বঁটাটো প্ৰদান কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,কন্ঠশিল্পী কৃষ্ণমণি নাথকে ধৰি নগাঁও সমাজ জীৱনৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠানত নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা,নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি জিতেন বৰকটকী,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,বিশিষ্ট নাট্যকাৰ সপোনটি বৰদলৈকে আদি কৰি বহু কেইবাগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে নগাঁও জিলাৰ চামগুৰিৰ সমীপৱৰ্তী ভেলৌগুৰিৰ নিবাসী কলিৰাম বৰাই পিতৃৰ পৰা লাভ কৰা জ্ঞানেৰে যৌৱন কালৰে পৰা নিজৰ জন্মভূমিৰ লগতে ভিন্ন স্থানত কালিবাদনেৰে সন্মান বুটলিবলৈ সক্ষম হৈ আহিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.