...

ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰোধিতাৰে কাৰ্বি আংলংত তীব্র প্ৰতিবাদ

Spread the love

ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰোধিতাৰে কাৰ্বি আংলংত তীব্র প্ৰতিবাদ

কাৰ্বি আংলংৰ পৰা অনুৰাগ ভূঞা

ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্র প্ৰতিবাদ।
ফুলনিৰ পৰা লাংহিন লৈকে প্ৰায় তিনি কিলোমিটাৰ পথ পদযাত্রা কৰি তীব্র বিৰোধিতা কৰে বড়ো, কাৰ্বি, ডিমাছা, তিৱা, জনজাতি ছাত্র সংগঠন সমূহে ।
অসম চৰকাৰে গ্রহণ কৰা ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় এই ছাত্র সংগঠন সমূহে।
ছাত্র সংগঠন সমূহে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি হাতে হাতে প্লেকাৰ্ড লৈ হিমন্ত চৰকাৰ Go Back , BJP Go Back, No ST, ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰে।লগতে পদযাত্ৰাৰ অন্তত লাংহিত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰি হাওৰাঘাট খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *