ডিমা হাছাও জিলাৰ আকৰ্ষণীয় পৰ্যটনস্থলী উমৰাংছ’ত পোন প্ৰথমবাৰৰ বাবে আগমন ঘটিছে ৰুডি শ্বেলডাক আৰু ছিগাল পৰিভ্ৰমী চৰাইৰ। এতিয়া পৰিভ্ৰমী চৰাই আমুৰ ফেলকন,ৰুডি শ্বেলডাক আৰু ছিগাল চৰাইৰ কলৰৱত উমৰাংছ’ৰ আকাশ বতাহ মুখৰিত হৈ উঠিছে । উমৰাংছ’ নিউটুংবুং গাঁৱৰ কপিলী হ্ৰদৰ আমুৰ ফেলকনৰ ছাইটৰ ওচৰৰ নীপক’ৰ জলাশয়ত ৰুডী শ্বেলডাক আৰু ছিগালৰ জাক দেখা গৈছে প্ৰথমবাৰৰ বাবে। ৰুডি শ্বেলডাক আৰু ছিগাল হৈছে পৰিভ্ৰমী চৰাই ভাৰত উপ-মহাদেশত শীতকাল কটোৱাৰ উপৰি দক্ষিণ-পূব ইউৰোপ আৰু মধ্য এছিয়াত প্ৰজনন কৰে। উত্তৰ আফ্ৰিকা অঞ্চলত ইয়াৰ জনসংখ্যা কম। ৰঙা ৰঙৰ শ্বেলডাক চৰাই বেছিভাগেই অন্তৰ্দেশীয় জলভাগ যেনে-হ্ৰদ, জলাশয় আৰু নদীত বাস কৰে। ছিগাল পৰিভ্ৰমী চৰাই সাধাৰণতে বগা বা ধূসৰ ৰঙৰ আৰু ডেউকা আৰু মূৰত ক’লা চিন থাকে। মূলতঃ উপকূলীয় অঞ্চল আৰু হ্ৰদৰ ওচৰৰ অন্তৰ্দেশীয় অঞ্চলৰ লগতে চহৰ অঞ্চলতো পোৱা যায় এই ছিগাল চৰাইৰ জাক। ইপিনে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ নিপক’ কপিলী জলাশয়ত পৰিভ্ৰমী ৰুডি শ্বেলডাক চৰাই আৰু ছিগাল চৰাই চোৱাৰ বাবে এতিয়া প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। আনহাতে প্ৰথমবাৰৰ বাবে উমৰাংছ’লৈ অহা এই পৰিভ্ৰমী আলহীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে কোনেও যাতে এই পৰিভ্ৰমী চৰাইক ধৰি ৰাখিব নোৱাৰে বা মাৰি পেলাব নোৱাৰে তাৰ বাবে ১৬৩ ধাৰাৰ অধীনত সকলো নিষেধাজ্ঞা জাৰি কৰিছে। স্থানীয় লোকসকলেও এই পক্ষীবোৰক যাতে কোনেও মাৰি নেপেলাই আৰু ধৰি নাৰাখে তাৰ বাবে ব্যৱস্থা হাতত লৈছে
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.