পাটাছাৰকুছিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ বিশাল আবক্ষ মূৰ্তি উন্মোচন
ভুপেনদাৰ গান আছিল একো একোটা আন্দোলন∶ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা
পাটাছাৰকুছি:
“ ডঃ ভুপেন হাজৰিকা এজন অমৃত সন্তান ৷ ভুপেনদাৰ গান আছিল একো একোটা আন্দোলন। তেওঁৰ সংগীত আছিল সংস্কৃতিৰ বাহক । চৰকাৰে ডঃ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইতিমধ্যে উদযাপন আৰম্ভ কৰিছে। জন্ম শতবাৰ্ষিকী হিচাপে মেঘালয় , অৰুণাচল আৰু কলিকতাত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ উপৰিও শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভুপেন হাজৰিকাৰ স্মৃতিত এটা সংগ্ৰহালয় স্থাপন কৰিব ৷গানৰ বাবে কেৱল সুৰৰ প্ৰয়োজন নহয় । গানত থাকিব লাগিব এক উদ্দেশ্যও ৷ ভুপেনদাৰ গানত আছে মানুহৰ যন্ত্ৰণা আৰু আশা ৷ভুপেনদাই ১৩ ( তেৰ ) বছৰ বয়সতে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম .. শীৰ্ষক গীতটোৰ জৰিয়তে বিপ্লৱী চেতনা জগাই তুলিছিল ৷ তেওঁ গীতেৰে অসম তথা সমগ্ৰ ভাৰতবৰ্ষ লগতে বিশ্বত জিলিকি উঠিছিল ৷ চলচ্চিত্ৰৰ ক্ষেত্ৰতো ডঃ ভুপেন হাজৰিকাৰ অৱদান অতুলনীয় ৷তেওঁৰ গানত প্ৰাণ পাইছিল অসমীয়া জনজাতিৰ প্ৰতিচ্ছবি ৷ অসমৰ বহু ঘটনাই তেওঁৰ গীতত প্ৰাণ পাই উঠিছিল ৷ তেওঁ অসমীয়াৰ অস্তিত্বৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ৷ তেওঁ
অসমীয়াক বন্দনা ককি সমগ্ৰ ভাৰতত বিলাই দিছিল ৷ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ডঃ হাজৰিকাই গীতৰ মাজেৰে ভাৰতীয় সেনাক অনুপ্ৰেৰণা যোগাইছিল । ডঃ ভুপেন হাজৰিকা আমাৰ শতিকাৰ শ্ৰেষ্ঠ পুৰুষ ৷ তেওঁ আছিল এজন শ্ৰেষ্ঠ অসমীয়াৰ সন্তান । তেওঁৰ অপূৰ্ব সৃষ্টিৰ তুলনা
নাই ৷ ” এইদৰে কলে অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ আজি বিয়লি পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি ক্লাবৰ তথা অঞ্চলটোৰ ৰাইজৰ শ্ৰদ্ধাৰ স্মাৰক হিচাপে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত এক নতুন আৰ্হিত ১৫ ফুট উচ্চতাৰ আৰু সৰ্বোচ্চ ২৭ ফুট পৰিধিৰ নিৰ্মান কৰা ব্ৰঞ্জৰ বিশাল আকাৰৰ আবক্ষ মূৰ্তিটো অসমীয়াৰ প্ৰাণৰ বিশ্ববৰেণ্য শিল্পী গৰাকীৰ জন্ম শতবাৰ্ষতে আনুষ্ঠানিকভাৱে উন্মোচন কৰি মুখ্যমন্ত্রী গৰাকীয়ে দিয়া ভাষণত অনুৰাধা শৰ্মা পূজাৰীয়ে ডঃ ভুপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত লিখা গ্ৰন্থখন অসমৰ দহ লাখ লোকৰ মাজত বিতৰণ কৰিব বুলিও কয় ৷ আৰু কয় যে — পাটাছাৰকুছিতে শিশু কালতে জীৱনৰ প্ৰথম ৰাজনৈতিক ভাষণ দিছিল আৰু সেই ভাষণৰ জৰিয়তে আজিৰ পৰ্যায় পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে পাটাছাৰকুছিত এটা আধুনিক তথা উন্নতমানৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ দুই কৌটি টকাৰ অনুদান দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ৷ এই উপলক্ষে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত অনুষ্ঠিত উন্মোচনী সভাত ইয়াৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা আমিনুল হক আৰু নিতুল শর্মাৰ দ্বাৰা সম্পাদিত স্মৃতিপুস্তিকাখন উম্মোচন কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে প্ৰাগজ্যোতি ক্লাৱ তথা পাটাছাৰকুছি অঞ্চলৰ ৰাইজৰ শলাগ লয় ৷ আবক্ষ মূৰ্তি উন্মোচনী পৰিচালনা সমিতিৰ সভাপতি নিতুল শৰ্মাই আঁত ধৰা সভাখনত ক্লাবৰ সভাপতি ৰফিকুল হকে আদৰনি ভাষন ৰাখে আৰু বিশিষ্ট সমাজকৰ্মী মুনীন্দ্র নাৰায়ন গোস্বামীয়ে বন্তি প্ৰজ্জ্বলন কৰে৷ সভাত বজালী জিলাৰ জিলা আযুক্ত মৃদুল কুমাৰ দাস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, শিক্ষাবিদ ডঃ ৰণজিৎ ডেকা, সমাজকৰ্মী ডাঃ পুলিন শর্মা, কুলধৰ চৌধুৰী, লাবন্য পাটগিৰীয়ে মঞ্চ শুৱনি কৰে৷ মূৰ্তিটো নিৰ্মান কৰা বিশিষ্ট ব্ৰঞ্জ কাষ্ট্ৰিং শিল্পী মুক্তাৰ মল্লিকক সভাত ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ আৰম্ভণিতে এশ গৰাকী মহিলাই “জিলিকাব লুইতৰে পাৰ” শীৰ্ষক সমবেত সংগীত পৰিবেশন কৰে৷ মূৰ্তি উন্মোচনৰ পূৰ্বে ৰাতিপুৱা ক্লাবৰ সভাপতি ৰফিকুল হকে ক্লাবৰ পতাকা উত্তোলন কৰাৰ পিচতে বহুকেইগৰাকী বিশিষ্ট লোকৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসুচী ৰূপায়ণ কৰা হয়৷ মূৰ্তি উন্মোচনৰ পিচতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আবক্ষ মূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, ক্লাবৰ উপদেষ্টা ডঃ ৰণজিৎ ডেকা আৰু ডাঃ পুলিন শর্মাই৷
সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধক কৰে তেজপুৰ বিশ্ববিদালয়ৰ অধাপিকা ডঃ বিনীতা বৰা দেৱ চৌধুৰীয়ে৷
উল্লেখ্য যে এক ব্যয় বহুল বাজেটেৰে ৩৫০৮ কিলোগ্ৰাম ব্ৰঞ্জ ব্যয়ৰে নিৰ্মাণ কৰা ১৫ ফুট উচ্চতাৰ আৰু সৰ্বোচ্চ ২৭ ফুট পৰিধিৰ এই ব্ৰঞ্জৰ বিশাল আবক্ষ মূৰ্তিটো অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি ইতিমধ্যে চচিত হোৱা এই আবক্ষ মূৰ্তিটোয়ে অসমত এক সুকীয়া স্থান দখল কৰাৰ লগতে পাটাছাৰকুছিৰ ইতিহাসত এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত হব। তেজপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী অলকেশ পৰাশৰে প্ৰায় এক বছৰ ধৰি লাগি মডেলিং কৰা আৰু পশ্চিমবংগৰ বোলপুৰ শান্তি নিকেতন নিবাসী বিশিষ্ট ব্ৰঞ্জ কাষ্ট্টিং শিল্পী মুক্তাৰ মল্লিকৰ নেতৃত্বত এটি ৭/৮ জনীয়া দলে প্ৰায় ডেৰ বছৰ ধৰি নিৰ্মাণ কাৰ্য্য চলাই মূৰ্তিৰ মডেলটো ব্ৰঞ্জলৈ ৰূপান্তৰ কৰিছে। পাটাছাৰকুছিৰ সন্তান তথা বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ প্ৰস্তাৱমৰ্মে আবক্ষ মূৰ্তিৰ স্থলী তথা চৌহদটোক ইতিমধ্যে “সুধাতীৰ্থ” নামেৰে নামাকৰণ কৰিছে।