...

NO ST NO REST বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ডিব্ৰুগড় আকাশ -বতাহ কঁপাই তোলে

Spread the love

NO ST NO REST বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ডিব্ৰুগড় আকাশ -বতাহ কঁপাই তোলে

“মৰিলেও মৰি যাম জনজাতি লৈ যাম”

চাইন অন ডেস্ক:

পুনৰ জনজাতি কৰণৰ দাবীত ডিব্ৰুগড়ত জোৰ সমদল আটাছুৰ।টাই আহোমক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড় কুমাৰণীচিগাত ৰাষ্ট্ৰীয় ঘাইপথত আটাছু বৃহৎ জোঁৰ সমদল।সদৌ টাই আহোম ছাত্র সস্থা (আটাছু) কেন্দ্রীয় সমিতিৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্রদানৰ দাবীত বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা কুমাৰণীছিগা তিনিআলি লৈকে বুধবাৰৰ সন্ধিয়া এক বৃহৎ জোঁৰ সমদল কাৰ্যসূচী হাতত ৰূপায়ন কৰে।২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ প্ৰদান নকৰে তেন্তে ২০২৬ ৰ নিৰ্বাচনত বিজেপিৰ
বিৰুদ্ধে টাই আহোমে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব।প্ৰতিবাদী সকলে- আমাক জনজাতি লাগিবই, মৰিলেও মৰি যাম জনজাতি লৈ যাম’, বিজেপিৰ চৰকাৰৰ মুৰ্দাবাদ,NO ST NO REST ,আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ডিব্ৰুগড় আকাশ -বতাহ কপাই তোলে।বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ কুমাৰণিছিগালৈকে প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে। প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম তাই আহোম ছাত্র সন্থাৰ সভাপতি বসন্ত গগৈয়ে কয় — জনজাতিকৰণক লৈ অসমৰ সকলোতে ব্যাপক প্ৰতিবাদ হৈছে।ৰাইজ ৰাজপথলৈ ওলাই আহিছে। স্বভিমানী খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হব লাগে।খিলঞ্জীয়া,থলগিৰি ৰাইজ মুৰ তুলি জীয়াই থকাৰ পৰিৱেশ ৰচনা হব লাগে।অসমৰ কৃষ্টি,ভাষা,সংস্কৃতি,ৰাজনীতি,অৰ্থনিতী সকলো সুৰক্ষিত হব লাগে।চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰূপায়ন কৰাত চুড়ান্তভাবে ব্যথ হৈছে,সেয়ে ৰাইজ ক্ষোভত আছে।অসম আৰু অসমীয়াৰ প্ৰতি দায়বদ্ধ হোৱা হ’লে চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত গুৰুত্ব দিলে হয়। তাক নকৰাৰ বাবে আজি জাতি ক্ষোভত আছে। ২০১৬ চনত বিজেপিয়ে ভিজন ডকুমেন্টৰ মতে কথা নাৰাখে তেনেহ’লে খিলঞ্জীয়াই নিজৰ সিদ্ধান্ত নিজেই ল’বলৈ বাধ্য হ’ব। এই আন্দোলন অসমৰ ভূমি, ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ গণ আন্দোলন। অনাগত দিনলৈ এই সংগ্ৰাম অব্যাহত থাকিব। অসমৰ ভাষা-সংস্কৃতি সুৰক্ষিত হৈ থাকিব লাগিব। অসমৰ বিধানসভাখন সুৰক্ষিত হ’ব লাগিব‌। ইফালে ২০২৬ চনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ নহ’লে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।
আনহাতে প্ৰতিবাদী কাৰ্যসূচীত কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, মুখ্য উপদেষ্টা দুলাল বৰুৱা, জিলা সভাপতি তপন গগৈ, সাধাৰণ সম্পাদক বিমল সন্দিকৈ অংশগ্রহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *