নগাঁৱত পাঁচ সহস্ৰাধিকে পৰিবেশন কৰিলে “মানুহে মানুহৰ বাবে”
DELPHICS International আৰ্ট গোষ্টীৰ চিত্ৰশিল্পীসকলে অংকন কৰা অনুষ্ঠানটিও উন্মোচন
নগাঁও:-
বিশ্ব বৰেণ্য শিল্পী,সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বৰ্ষযোৰা জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত জিলাখনৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত সুধাকণ্ঠ গৰাকীৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি আজিৰ পুৱাবেলাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা চহৰখনৰ বিভিন্ন স্থানত সংস্থাপিত স্থিৰ অনুভাষ যন্ত্ৰৰ যোগেৰে তেখেতৰ কালজয়ী-যুগমীয়া চিৰসেউজ গীতসমূহ প্ৰচাৰ কৰা হয়। ইয়াৰ পিছতেই নেহৰুবালিত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰথমেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্তকে প্ৰমুখ্য কৰি সভাত উপস্থিত বিশিষ্ট অতিথিসকলে। মন্ত্ৰী মহন্তই অনুষ্ঠানস্থলীত DELPHICS International আৰ্ট গোষ্টীৰ চিত্ৰশিল্পীসকলে অংকন কৰা অনুষ্ঠানটিও উন্মোচন কৰে। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলাখনৰ দুগৰাকী বিশিষ্ট শিল্পী 

কাৰ্যসূচীত মন্ত্ৰী মহন্তৰ লগতে উপস্থিত বিধায়কসকল,জিলা আয়ুক্তকে মুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে। সভাত চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা,ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস,জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা,পৌৰ সভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ,জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী,পৌৰ সভাৰ উপ সভাপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা,সমাজকৰ্মী অভিজিত নাথ,ৰঞ্জিত বৰদলৈকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, ছাত্ৰ-ছাত্ৰীসকল,স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।