...

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ এটা স্থানৰ বাবে তিনি দলৰ প্ৰতিদ্বন্দ্বিতা

Spread the love

 

 

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ এটা স্থানৰ বাবে তিনি দলৰ প্ৰতিদ্বন্দ্বিতা

 

 

আজি মৰণপণ যুঁজত ভাৰত-নিউজিলেণ্ড

 

 

নবী মুম্বাই:

শেষ পর্যায়ত উপনীত হৈছে চলিত মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতা। প্রতিখন মেচৰ পিচতে তৈয়াৰ হৈছে নকআউটত প্ৰৱেশ কৰাৰ নতুন সমীকৰণ। অস্ট্রেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্রিকাই ইতিমধ্যে, ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। বাকী থকা একমাত্র স্থানৰ বাবে যুঁজ চলিছে ভাৰত, নিউজিলেণ্ড আৰু শ্রীলংকাৰ। একেৰাহে দুখন মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনত সুন্দৰ আৰম্ভণি কৰা ভাৰতীয় দলটোৱে পৰাজয়ৰ হেটট্ৰিকৰ সন্মুখীন হৈ সমস্যাত পৰিছে। আজি অত্যন্ত গুৰুত্বপূৰ্ণ মেচত নিউজিলেণ্ডৰ মুখামুখি হ’ব ভাৰত। এই মেচখন ভাৰতৰ পক্ষে কাৰ্যতঃ নকআউট। কিৱি দলটোক পৰাস্ত কৰিব পাৰিলেই হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৰ ছেমি ফাইনেলত স্থান একপ্ৰকাৰ নিশ্চিত হ’ব। ইংলেণ্ডৰ বিৰুদ্ধে পূৰ্বৰ মেচখনত পৰাস্ত হ’লেও অধিনায়ক হৰমনপ্রীতৰ লগতে তাৰকা অপৈনাৰ স্মৃতি মান্ধানা ফর্মলে উভতি অহাটো ভাৰতৰ বাবে ইতিবাচক দিশ।আজিৰ মেচখনৰ বাবে জেমিমা
ৰড্রিগেজ পুনৰ ভাৰতৰ মূল একাদশলৈ উভতি অহাৰ সম্ভাৱনা আছে। আনহাতে
নিউজিলেণ্ডৰ বাবেও মেচখন সমানেই গুৰুত্বপূর্ণ। ছফি ডিভাইন নেতৃত্বাধীন দলটোত আছে কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ। অধিনায়কগৰাকীৰ উপৰি ব্ৰন্ হেলিডে, জেছ কাৰ, চুজী বেটছ এমেলিয়া কাৰ আৰু লীয়া টাহুহুৰ ওপৰ নিউজিলেণ্ডৰ প্রদর্শন বহুখিনি নির্ভকৰিব। পিচে মেচখনত বৰষুনে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে যোৱা মঙলবাৰে প্ৰবল বৰষুণৰ বাে দুয়োটা দলৰে অনুশীলনত ব্যাঘা জন্মিছিল। বতৰ বিজ্ঞান প্রতিষ্ঠান প্রতিবেদন অনুসৰি আজি নবী মুম্বাই প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে মেচৰ সময় দিনৰ তিনি বজা।

Leave a Reply

Your email address will not be published. Required fields are marked *