...

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাত উদযাপন লক্ষ্মীনাথ বেজবৰুৱা জন্ম জয়ন্তী

Spread the love

 

 

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাত

 

 

 

উদযাপন লক্ষ্মীনাথ বেজবৰুৱা জন্ম জয়ন্তী

 

 

চাইন অন ডেস্ক:

অসমীয়া সাহিত্যৰ পথ প্রদর্শক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬২ সংখ্যক জয়ন্তী ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাতো অনুষ্ঠিত কৰা হয়। প্রজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজ জীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ মার্গ দর্শনকাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি তথা শিক্ষক -সাংবাদিক যাদৱ গগৈয়ে। ভাষা-সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰচনাৰ জৰিয়তে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদান পৃথিৱী থকা লৈকে জিলিকি থাকিব।
তদুপৰি সাহিত্য জগতত তেওঁৰ অৱদান তথা সৃষ্টিৰাজিৰে আজিও অসমীয়া সমাজক চহকী কৰি ৰাখিছে। গল্প, উপন্যাস, প্ৰৱন্ধ, শিশুসাহিত্য, কবিতা, নাটক আদিৰে অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ অৱদান অমূল্য বুলি কৈ জন্ম দিনটোত পুণৰ বাৰ স্মৰণ কৰে৷আনহাতে ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে,
ব্ৰিটিচৰ শাসনৰ সময়ত অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত অধিনায়কৰ ভূমিকা গ্ৰহণ কৰা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক আছিল লক্ষ্মীনাথ বেজবৰুৱা।মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতাৰ বাবে কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল বুলি কৈ তেখেতৰ কালজয়ী সৃষ্টিৰাজি অসমীয়া জাতিৰ শিৰাই শিৰাই সদায় থাকিব বুলি কয়। ডিব্ৰুগড় সাহিত্য সভাৰ পত্ৰিকা সম্পাদক অৰ্পনা ফুকন দাস, আকাশ উপ-সমিতিৰ সহকাৰী আহ্বায়িকা যানী সোণোৱাল, প্ৰচাৰ সম্পাদক হিৰণ্য কৌশিক বৰা, কাৰ্যনিৰ্বাহক জ্যোতিষ পাতিৰকে প্ৰমুখ্যে কৰি অন্যান্য সকল উপস্থিত থাকে। উল্লেখযোগ্য যে ১৮৯৩ চনতে স্থাপিত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ ভৱনটো ইতিমধ্যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে নামাকৰণ তথা পৰিচিত।মংগলবাৰে জন্ম জয়ন্তী উপলক্ষে ভৱনৰ চৌদিশে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি উজ্বলাই তোলা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *