নিৰুদ্দেশ হোৱা কনমানিৰ মৃতদেহ উদ্ধাৰ
গৌৰাং নৈত গা-ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল
বিলাসীপাৰা:
বিলাসীপাৰাত নৈ’ৰ বুকুত কালি নিৰুদ্দেশ হোৱা কনমানি নাবালিকাৰ মৃতদেহ আজি উদ্ধাৰ হয় ।
হাতীপোতা দ্বিতীয় খণ্ড গাওঁত গৌৰাং নৈত গা-ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল এগৰাকী নাৱালিকা।
গাওঁখনৰ হজৰত আলীৰ কন্যা আখিৰা বেগম(১২) নিৰুদ্দেশ হোৱাৰ পিছতে হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয়।
কালি সন্ধিয়ালৈ ৰাইজৰ লগতে এছ,ডি,আৰ,এফে, উদ্ধাৰ অভিযান চলাই সফল হব পৰা নাছিল।
আজি পুৱাৰে পৰা এছ,ডি,আৰ,এফ বাহিনীয়ে পুণৰ অভিযান চলাই কনমানিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষ্যম হয়।
কনমানি জনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে গাওঁখনত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।