...

জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ

Spread the love

জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত নাহৰ গছ-পুলি ৰোপন মৌজাদাৰৰ

মৌজাদাৰ পদ্মধৰ দত্তৰ এনে পদক্ষেপক আদৰণী

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আজি অসমৰ সত্বা তথা হিয়াৰ আমঠু, হার্ট থ্রৱ জুবিন গাৰ্গৰ সোঁৱৰণত ১০০ নাহৰ গছ- পুলি চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্তৰ উদ্যোগত ৰোপন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জীতেন হাজৰিকাই বিশ্ববিদ্যালয়ৰ শিক্ষক আবাসৰ চৌহদত শুভাৰম্ভ কৰা নাহৰ পুলি ৰোপনৰ কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে জিলাখনৰ কেইবাটাও মৌজাৰ মৌজাদাৰ সকলে অংশ গ্ৰহণ কৰি নাহৰ পুলি সমূহ ৰোপন কৰে।
উল্লেখ্য যে যোৱা প্রায় পোন্ধৰ বছৰ ধৰি পদ্মধৰ দত্তই চেপন মৌজাৰ কৃতী ছাত্র-ছাত্রীসকলক এটাকৈ মহানিম গছপুলিৰে সম্বর্ধনা আৰু অভিনন্দন জনায় অহাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চকলীয়াৰ ডিভাইদাৰত গছ-পুলি ৰোপন , মৰাণৰ ক্ৰীড়া প্ৰকল্পৰ চৌহদ ১০০ গছৰ পুলি, উত্তৰ লক্ষিমপুৰ দ্রোপাং পঞ্চায়ত এলেকাত ১৪০ জোপা, কলিয়াবৰ আউনীআটী সত্ৰত ১০১ জোপা আৰু বিভিন্ন আনুষ্ঠান, ৰাস্তাত গছপুলি ৰুই সেউজ বিপ্লৱৰ গঢ়ি তুলিছে চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্তই।ধৰণী ভাৰসাম্য ৰক্ষাৰ বাবে গছ-পুলি ৰোপনেৰে সেউজ বিপ্লৱত জড়িত হৈ পৰা মৌজাদাৰ পদ্মধৰ দত্তক গুৱাহাটীৰ বৰলুইত ফাউন্দেছনে অসম জ্যোতি সন্মান ,গুৱাহাটীৰ নৱজাগৰন সংস্থাই জাতীয় গৌৰৱ বটা, সদৌ ভাৰত মানৱ অধিকাৰ সংস্থাই ভাৰত গৌৰৱ ,কলিকতাৰ বংগ সাহিত্য পৰিষদ চেৰিটেবুল ট্রাস্টে নেশনেল এক্সিলেন্সী গন্ড এবার্ড আৰু বৰলুইত ফাউন্দেছনে দিয়া ডঃ বি আৰ আম্বেদকৰ বটা প্ৰদান কৰিছে।আজিৰ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জীতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোনোৱাল, ডিব্ৰুগড়ৰ উন্নয়ন নিগমৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে বহু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *