Skip to content ডিব্ৰুগড়ত জুবিনক ব্যতিক্ৰমী ৰূপত স্মৰণ
চাৰি শতাধিক স্মৃতিজড়িত ফটো আঁৰিলে ডিব্ৰুগড় ছাত্ৰ সন্থাই
চাইন অন ডেস্ক:
মন্ত্ৰমুগ্ধ! শোকাহত ডিব্ৰুগড়বাসী।এক মনোৰম দৃশ্যই আকৌ এবাৰ যেন কন্দুৱাই পেলালে জুবিনৰ সকলো অনুৰাগীসকলক।ৰাজ্যৰ হিয়াৰ আমঠু স্বৰূপ তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অকাল বিয়োগে সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীক শোকস্তব্ধ কৰি তোলাৰ মাজতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ এক ব্যতিক্ৰমী পদক্ষেপে সকলোৰেই দৃষ্টি আকৰ্ষণ কৰিছে। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সৈতে দীৰ্ঘ বছৰীয়া সম্পৰ্ক থকা জুবিন গাৰ্গৰ স্মৃতিসম্বলিত প্ৰায় ৪০০ বেনাৰ আঁৰি স্মৰণ কৰে ছাত্ৰ সন্থাই। ডিব্ৰুগড় মহানগৰৰ থানা চাৰিআলিৰ ৰজনীকান্ত বৰদলৈ পথত প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ বেনাৰ আঁৰিলে জুবিন গাৰ্গৰ জীৱনৰ প্ৰতিটো ভাললগা মুহুৰ্ত। জন্মৰ পৰা বৰ্তমানলৈকে প্ৰতিখন ফটো আঁৰি হিয়াৰ আমঠুক শ্ৰদ্ধা জনালে ডিব্ৰুগড় ছাত্ৰ সন্থাই। এই বেনাৰৰ ফটোত আছে নব্বৈ দশকত জনপ্ৰিয় গানৰ কেছেটসমূহ। আৰ কে বি পথৰ থানা চাৰিআলিৰ পৰা ৰংঘৰ তিনিআলিলৈকে জুবিনৰ স্মৃতি জড়িত ফটোসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ছাত্ৰ সন্থাই। আনহাতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ এই পদক্ষেপক প্ৰতিজন জুবিনপ্ৰেমীয়ে ভূয়সী প্ৰশংসা কৰিছে। ছিংগাপুৰত জুবিনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছৰে পৰা ডিব্ৰুগড় ছাত্ৰ সন্থাৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজপথলৈ আহি শ্ৰদ্ধা জনাইছে জুবিন অনুৰাগীসকল।যোৱা ১৯ ছেপ্তেম্বৰত মহানগৰৰ থানা চাৰআলিত বৃহত্ত আকাৰৰ জুবিনৰ প্ৰতিছৱিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনোৱাৰ ব্যৱস্থা কৰে আছুৱে।সেইদৰে২০ ছেপ্তেম্বৰত থানা চাৰিআলিৰ পৰা চৌকিডিঙ্গীলৈকে প্ৰায় দহ সহস্ৰাধিক অনুৰাগীক লৈ এক সমদল বাহিৰ কৰে। য’ত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়েও অংশগ্ৰহণ কৰিছিল এই সমদলত। ইফালে জুবিনৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত নকৰালৈকে চৌকিডিঙ্গী খেলপথাৰত থকা বৃহত্ আকাৰৰ প্ৰতিছৱিত জুবিন অনুৰাগীসকল ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে ডিব্ৰুগড় ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ স্মৃতিত ডিব্ৰুগড়ত এক প্ৰতিমূৰ্তি স্থাপনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰাৰ কথা ৰাহুৱাভাৱে প্ৰকাশ কৰিছে।