...

এএমচিৰ অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়া

Spread the love

এএমচিৰ অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়া

সৰ্বভাৰতীয় চিকিৎসক সংস্থাৰ শিক্ষক পৰিষদৰ সদস্য নিৰ্বাচিত

চাইন অন ডেস্ক:

অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়া ভাৰতীয় কায় চিকিৎসক সংস্থা (এপিআই Association of Physician of India) ৰ শিক্ষক পৰিষদ(Faculty Council)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ তৃতীয় সৰ্বাধিক ভোটত জয়ী হৈ ভাৰতীয় চিকিৎসক সংস্থাৰ শৈক্ষিক পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ভাৰতবৰ্ষৰ কায় চিকিৎসক (medicine specialist ) সকলৰ সন্মানীয় সংগঠন‌টোৰ অন্তৰ্গত শৈক্ষিত পৰিষদৰ এই নিৰ্বাচনত ভাৰতৰ বিভিন্ন প্ৰদেশৰ চিকিৎসকে তেওঁক ভোট দি নিৰ্বাচিত কৰে। উল্লেখ্য যে বহু বছৰৰ পৰা ডাঃ প্ৰশান্ত দিহিঙীয়াই ভাৰতীয় কায় চিকিৎসক সংস্থাৰ ডিব্ৰুগড় তথা অসম শাখাৰ বিভিন্ন উল্লেখযোগ্য পদত অধিষ্ঠিত হৈ আহিছিল। ইয়াৰ উপৰি তেখেতে যোৱা চাৰিটা বছৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছিল। বৰ্তমান মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ দিহিঙীয়াৰ এই সফলতাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ভাৰতীয় কায় চিকিৎসক সংস্থা, অসম শাখাৰ সভাপতি ডাঃ অনুপ কুমাৰ দাস, সম্পাদক ডাঃ প্ৰিতম বৰঠাকুৰ, সংস্থাৰ মুখ্য কাৰ্যালয় সম্পাদক ডাঃ অনুপম দত্ত, সংস্থাৰ ডিব্ৰুগড় শাখাৰ সভাপতি ডাঃ এ কে পেগু, সম্পাদক ডাঃ ৰাশি শ্যাম, অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃগাংক শেষৰ চলিহাকে ধৰি বহুতো চিকিৎসকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ডাঃ দিহিঙীয়া নিৰ্বাচিত হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগকে ধৰি সমগ্ৰ চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষক-চিকিৎসকসকলে আনন্দ প্ৰকাশ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *