Skip to content লাওখোৱাত মৃতদেহ উদ্ধাৰ:চাঞ্চল্য
স্বপন বিশ্বাসক আটক কৰি জেৰা অব্যাহত
ৰূপহীহাট:
নগাঁও জিলাৰ লাওখোৱাৰ বনগাঁওত আজি ৰাতিপুৱা এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে পুখুৰীত এটা মৃহদেহ প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা মৃতদেহটো নিজ লাওখোৱাৰ বিটু মণ্ডল বুলি চিনাক্ত কৰিছে ৷মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট। আজি পুৱাৰ ভাগত মৃত হোৱা বিটু মণ্ডলক, শ্বপন বিশ্বাসৰ লগত চাইকেলে যোৱা স্থানীয় ৰাইজে দেখা পাইছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰাৰ লগতে শ্বপন বিশ্বাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷