Skip to content জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ,নগাঁৱৰ তত্বাৱধানত এক ধঁপাত বিৰোধী অভিযান
নগাঁও:
নগাঁও জিলাখনক ধঁপাতমুক্ত, পৰিষ্কাৰ আৰু সুস্থ পৰিৱেশ সুনিশ্চিত কৰিবলৈ নগাঁও জিলা আয়ুক্তই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দুখন গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত ২ ছেপ্টেম্বৰত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ,নগাঁৱৰ তত্বাৱধানত জিলা প্ৰশাসন,জিলা স্বাস্থ্য বিভাগ,জিলা আৰক্ষী প্ৰশাসন আৰু নগাঁও পৌৰসভাৰ সহযোগত চহৰখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সমীপত এক ধঁপাত বিৰোধী অভিযান চলায়। উক্ত অভিযানত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়,নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়,নগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়,ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আদিৰ সমীপৰ বিপণীসমূহত চলোৱা তালাচীৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধঁপাত জাতীয় সামগ্ৰী উদ্ধাৰ কৰা হয় । পৰৱৰ্তীকালত জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনা বিধি উলংঘাৰ কৰাৰ কাৰণে COTPA, 2003 অধীনত জৰিমনা বিহা হয় । উল্লেখযোগ্য যে,উক্ত অভিযানৰে সময়ছোৱাত ৰাজহুৱা স্থানত ধঁপাত সেৱন কৰা কেইবাগৰাকী লোককো নিয়ম উলংঘাৰ জৰিমনা বিহা হয়। এই অভিযান মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থী,ৰোগী আৰু সাধাৰণ জনতাক ধূমপানৰ ক্ষতিকাৰক প্ৰভাৱ আৰু আইনী দিশসমূহৰ বিষয়ে জ্ঞাত কৰা,ধূমপান নিষিদ্ধ এলেকাত আইন ভংগকাৰী সকলক সতৰ্ক কৰা, বিদ্যালয় আৰু চিকিৎসালয়ৰ চাৰিওকাষে ধূমপান ৰোধ কৰা আৰু স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টিৰ জৰিয়তে নগাঁও চহৰখনক ধূমপানমুক্ত চহৰ হিচাপে গঢ়ি তোলা। উল্লেখযোগ্য যে এই অভিযানত অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ,নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া,উপ আৰক্ষী অধীক্ষক (সীমান্ত) সূৰ্য্য কান্ত মৰাং,জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নʼডেল বিষয়া ডাঃ ধৰিত্ৰী পাটোৱাৰী,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰ,পৌৰ প্ৰশাসন সঞ্চালকালয় (নগাঁও পৌৰসভা)ৰ নগৰীয়া কাৰিকৰী বিভাগৰ বিষয়া (AUES) কুনাল কুমাৰ দাস,জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া পাৰ্থ প্ৰতিম সেনাপতি,নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ বিদ্যুৎ জ্যোতি বৰুৱা,দীপুমণি মেধিকে প্ৰমুখ্য কৰি স্বাস্থ্য বিভাগ,আৰক্ষী প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।
(ঋতু পৰ্ণ শৰ্মা)
Like this:
Like Loading...