Skip to content অবৈধ সুৰাৰ ঘাটি বন্ধৰ দাবী ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ
১৫ দিনৰ সময়সীমা আবকাৰী বিভাগক
৬ অক্টোবৰত পথ অৱৰোধ কাৰ্যসূচী
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত থকা গঢ় লৈ উঠা অবৈধ সুৰাৰ ঘাটি সমূহ সম্পূৰ্ণ বন্ধৰ দাবী জনাইছে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাই । এক বিবৃতিত ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়াই জানিবলৈ দিয়ে যে, আবকাৰী বিভাগে ৰাজহ সংগ্ৰহৰ অচিলা লৈ মুক্ত ভাৱে মদ বিক্ৰীৰ অনুজ্ঞাপত্ৰ নথকা হোটেল, ঘুমটি, ধাবাসমূহত সুৰাৰ প্ৰচলন কৰিব দিছে ।যাৰ ফলত শৈক্ষিক, সামাজিক পৰিবেশ বিনষ্ট হৈছে। সেয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সেয়ে অহা ১৫ দিনৰ ভিতৰত ডিব্ৰুগড় জিলাত থকা অবৈধ সুৰাৰ ঘাটি সমূহ বন্ধ আৰু ধাবা সমূহত সুৰা বিক্ৰী বন্ধ দাবী জনাইছে সংগঠনটোৱে। অন্যথা অহা ২৫ চেপ্তেম্বৰত জিলা আবকাৰী অধীক্ষকৰ প্ৰতিমূৰ্ত্তি দাহ, ২৭ চেপ্তেম্বৰত আবকাৰী কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী, ৬ অক্টোবৰত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব । ইয়াৰ পিছতো অবৈধ সুৰাৰ ঘাটি সমূহ সম্পূৰ্ণ ভাৱে বন্ধ নকৰে তেন্তে জিলা বন্ধ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব লগতে অবৈধ সুৰাৰ ঘাটি সমূহ আৰু ধাবাসমূহৰ পৰা মাহিলী কোনে ধন সংগ্ৰহ কৰে তাৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাই।