...

নগাঁৱৰ হাতীচোং কমাৰচুক-মেধিচুক আঞ্চলিক কৈৱৰ্ত মহিলা সভা গঠন

Spread the love

 

 

নগাঁৱৰ হাতীচোং কমাৰচুক-মেধিচুক আঞ্চলিক কৈৱৰ্ত মহিলা সভা গঠন

নগাঁও : – নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মৌজাৰ মেধিচুকত মঙলবাৰে কৈৱৰ্ত মহিলা সভাৰ নগাঁও জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । মেধিচুকৰ সমূহীয়া ভৱনত আয়োজন কৰা সভাত সভাপতিত্ব কৰে কৈৱৰ্ত মহিলা সভা অসমৰ উপদেষ্টা ৰিতিকা হাজৰিকাই। সভাখনিত কৈৱৰ্ত মহিলা সভাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী প্ৰণতি দাসে ভাষণত উঠি অহা প্ৰজন্মৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি ৰোধ কৰাত ভূমিকা গ্ৰহণ কৰিবলৈ উপস্থিত মহিলা সকললৈ আহ্বান জনায়। লগতে তেওঁ মহিলাসকলক স্বাৱলম্বী হৈ আগুৱাই যাবলৈ উৎসাহ যোগায় । লগতে সতী ৰাধিকাৰ নামেৰে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পোষকতা কৰি চৰকাৰক আহ্বান জনায়। সমাজকৰ্মী উন্টিৰাম দাসে আঁতধৰা সভাখনিত সম্পাদিকা জিন্টি দাস,প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী অভিজিৎ দাস আৰু সমাজসেৱী উদ্যোগী মহিলা পাপৰি বৰুৱাই মহিলা সৱলীকৰণ আৰু মহিলাৰ সাংবিধানিক সুবিধা প্ৰদানৰ পোষকতা কৰে। কুঁজীদাহৰ কমাৰচুক আৰু মেধিচুকৰ দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনিত অকণি মেধি দাসক সভানেত্ৰী,বীণু মেধিক কাৰ্যকৰী সভানেত্ৰী,কৰবীতা দাসক সম্পাদিকা,মামণি দাসক উপ-সভানেত্ৰী,সীতাৰাণী দাসক কোষাধ্যক্ষ,ৰুণু দাসক প্ৰচাৰ সম্পাদিকা হিচাপে লৈ হাতীচোং কমাৰচুক-মেধিচুক আঞ্চলিক কৈৱৰ্ত মহিলা সভা গঠন কৰা হয়। সভাত কৈৱৰ্ত মহিলা সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদিকা বন্তি হাজৰিকা, সহ-সম্পাদিকা বিবি দাস, সমাজকৰ্মী প্ৰশান্ত দাসকে ধৰি অঞ্চলৰ মহিলাসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *