...

নলবাৰীৰ মহখলিত ডকাইতৰ লো*মহৰ্ষক হত্যা*কাণ্ড

Spread the love

🎯নলবাৰীৰ মহখলিত ডকাইতৰ লো*মহৰ্ষক হত্যা*কাণ্ড

🎯ডকাইতে হাত-ভৰি বান্ধি ডিঙি চেপি হত্যা কৰিলে গৃহস্থক

চাইন অন ডেস্ক:

ডকাইতে হাত-ভৰি বান্ধি ডিঙি চেপি হত্যা কৰিলে গৃহস্থক৷
পত্নীৰ সন্মুখতে নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনক হত্যা৷
নিশা প্ৰায় ৯.৩০বজাত বেলশৰ থানাৰ অন্তৰ্গত মহখলিৰ প্ৰমোদ বৰ্মনৰ ঘৰত তিনিজনীয়া ডকাইতে প্ৰৱেশ কৰি প্ৰায় আধা ঘন্টা লুটপাত চলাই হত্যা কৰি ওলাই যায়৷
ঘৰত থকা বৃদ্ধ দম্পতীহালক ৰচীৰে বান্ধি প্ৰমোদ বৰ্মনক ডিঙিত গামোচাৰে মেৰিয়াই ঠেকেচি ঠেকেচি হত্যা কৰে৷
দুয়োৱে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ সময়তে তিনিজনীয়া ডকাইতে ঘৰত প্ৰৱেশ কৰি এই লোমহৰ্ষক কাণ্ড সংঘটিত কৰে৷ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *