...

অৰুনাচলৰ নাহৰলগুনত অঘটন অসমীয়া কিশোৰৰ ওপৰত গুলীচালনা

Spread the love

 

 

অৰুনাচলৰ নাহৰলগুনত অঘটন

 

 

অসমীয়া কিশোৰৰ ওপৰত গুলীচালনা

 

চাইন অন ডেস্ক:

অৰুণাচলী যুৱকৰ গুলীত গুলীবিদ্ধ ১৪ বছৰীয়া কিশোৰ।আন্দ্ৰিয়াজ ইন্দোৱাৰ নামৰ আদিবাসী কিশোৰজনক শূণ্য দুৰত্বৰ পৰা গুলীয়ালে অৰুনাচলীয়ে।

দৰিদ্ৰতাৰ বাবেই নাহৰলগুনৰ এটা গেৰেজত কৰ্মৰত আছিল কিশোৰজন।

কিশোৰজনৰ ঘৰ লখিমপুৰৰ লালুক ঢেকিয়াজুলি খ্ৰীষ্টান গাঁৱত।

সম্পতি নাহৰলগুনৰ TRIHMS চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে আন্দ্ৰিয়াজ ইন্দোৱাৰ।

নাহলগুন আৰক্ষীয়ে অৰুণাচলী যুৱক জনক ইতিমধ্যে কৰায়ত্ত কৰিছে।
জব্দ কৰিছে পিষ্টলটো।

ইফালে যোৱা তিনিমাহত অৰুণাচলীয়ে অসমীয়া শ্ৰমিক আৰু কিশোৰৰ ওপৰত কৰা এয়া চতুৰ্থটো প্ৰাণঘাতী আক্ৰমণৰ লগতে

গুলীচালনাৰ দ্বিতীয়টো ঘটনা।

এফালে যদি লখিমপুৰৰ ৰঙা,কাকৈ, ৰাজগড়,দুলুং বনাঞ্চলত অৰুণাচলীয়ে আগ্ৰাসন চলাইছে আনফালে খাটি খোৱা অসমৰ শ্ৰমজীৱী লোকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই অৰুণাচলৰ বিভিন্ন ঠাইত প্ৰাণঘাতী আক্ৰমণ চলাই আহিছে।

অসমৰ দল সংগঠন সমূহে ঘাইপথ, অৰুণাচলৰ দ্বাৰ মূখ অৱৰোধ কৰি আন্দোলন কৰিছে ঠিকেই, অৰুণাচলত থকা অসমৰ লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা বিচাৰি দুয়ো ৰাজ্যৰ চৰকাৰক স্মাৰক পত্ৰ দিছে ঠিকেই, সমস্যা সমাধানহে আজিলৈকে নহ’ল।
বৰঞ্চ এইধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈহে ধৰিলে।

পুনৰ এগৰাকী কণমানি কিশোৰক শূণ্য দুৰত্বৰ পৰা গুলিওৱা কাণ্ড‌ই জোঁকাৰি
সমগ্ৰ লখিমপুৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *