ডিব্ৰুগড়ত নতুন শ্ব’ৰুম কল্যাণ জুৱেলাৰ্ছৰ
মুকলিৰ জৰিয়তে অসমত ব্যৱসায়িক সম্প্ৰসাৰণ
জনপ্রিয় অভিনেত্রী জেনেলিয়া ডি’ চুজাই আনুষ্ঠানিকভারে মুকলি
চাইন অন ডেস্ক:
দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু আগশাৰীৰ গহনা ব্ৰেণ্ড কল্যাণ জুৱেলার্জে ডিব্ৰুগড়ৰ খলিহামাৰীৰ কে চি গগৈ পপথত সম্পূর্ণ নতুন শ্ব'ৰুমটো জনপ্রিয় অভিনেত্রী জেনেলিয়া ডি' চুজাই আনুষ্ঠানিকভারে মুকলি কৰে।এই শ্বৰুমটো মুকলিৰ লক্ষ্য হৈছে অঞ্চলটোত ব্ৰেণ্ডটোৰ উপস্থিতি অধিক শক্তিশালী কৰা।
শ্ব‘ৰুমটোত কল্যাণ জুৱেলাৰ্ছৰ বিবিধ উৎকৃষ্ট ডিজাইন যেনে মুহুৰত (ৱেডিং জুৱেলৰী) মুদ্রা (হেণ্ডমেড এপ্টিক জুৱেলৰী) নিমা (টেম্পল জুৱেলৰী) আৰু বিভিন্ন জনপ্রিয় ঘৰুৱা ব্রেও আদি উপলব্ধ কৰা হৈছে।
কল্যাণ জুৱেলাৰ্ছৰ ঘৰুৱা লাইফষ্টাইল গহণা ব্ৰেণ্ড কেণ্ডেৰ উন্মোচনে এই শুভাৰম্ভণি উদযাপনক আৰু অধিক উজলাই তুলে। ট্রেন্ডি গহণা আৰু সমসাময়িক ডিজাইনৰ বাবে পৰিচিত ব্রেণ্ডটোৱে আজিৰ কৰ্মৰত মহিলা আৰু ষ্টাইল-অনুৰাগী পুৰুষসকলৰ ৰুচি অনুসৰি পাতল গহনা আগবঢ়ায়।
প্ৰায় ১০,০০০/- টকাৰ পৰা আৰম্ভ হোৱা কেণ্ডেৰ গহণাবোৰ প্ৰিয়জনৰ বাবে আদর্শ উপহাৰ হব পাৰে। ডিজিটেল-প্রথম ব্রেন্ড হিচাপে উৎপত্তিৰ পৰা আৰম্ভ কৰি খুচুৰা বিক্রেতাৰূপে বিৱর্তনলৈকে কেণ্ডেবে অনলাইন বজাৰ কৰাৰ সুবিধাক ভৌতিক ষ্ট’ৰৰ স্পষ্ট টাচ্চ-এণ্ড-ফিল দিশৰ সৈতে সংযুক্ত কৰাত অগ্রাধিকাৰ প্ৰদান কৰি আহিছে।
এক বিলাসবহুল পৰিৱেশ আৰু কল্যাণ জুবেলাৰ্ছৰ দ্বাৰা আগবঢ়োরা বিভিন্ন ধ্বজাবাহী গহণাৰ ডিজাইনৰ এক বিস্তৃত সংগ্রহে নতুন শ্ব’ৰুমটো অঞ্চলটোৰ আৱাসীসকলক এক অতুলনীয় বজাৰৰ অভিজ্ঞতা প্রদান কৰিবলৈ সাজু।
অভিনেত্রী জেনেলিয়া ডি চুজাই উপস্থিত জনসাধাৰণক সম্বোধন কৰি কয় যে, “কল্যাণ জুরেলাছৰ নতুন শ্ব’ ৰোম উদ্বোধনৰ বাবে আজি মই ডিব্ৰুগড় চহৰলৈ আহিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। বিশ্বাস স্বচ্ছতা আৰু গ্ৰাহকৰ মনোযোগৰ মূল্যবোধৰ ওপৰত গভীৰভাৱে অনুৰণিত এটা ব্রেও কল্যাণ জুবেলাৰ্ছক প্রতিনিধিত্ব কৰিবলৈ পোৱাটো সুখকৰ ক্ষণ। মই আত্মবিশ্বাসী যে আমাৰ পৃষ্ঠপোষকসকলে কল্যাণ জুৱেলাৰক সাদৰেৰ আগবঢ়াব, কেবল ব্যতিক্রমী সেৱাই নহয়, বিস্তৃত গহণা সংগ্ৰহৰ বিন্যাসকো প্রশংসা কৰিব।”
নতুন শ্ব’ ৰোম মুকলিৰ কথা সদৰি কৰি কল্যাণ জুৱেলার্জৰ কার্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমনে কয় যে, “ডিব্ৰুগড়ত আমাৰ সকলো নতুন শ্ব’ ৰোম মুকলি কৰাৰ আঁৰৰ উদ্দেশ্য হৈছে এক সামগ্রিক পৰিৱেশ তন্ত্র সৃষ্টি কৰা আৰু আমাৰ গ্রাহকসকলৰ স্বতন্ত্র প্রয়োজনীয়তা পূৰণ কৰা, নিজৰ নিজৰ বজাৰ কৰাৰ অভিজ্ঞতা অনন্য কৰি তোলা। আমি কোম্পানীৰ আস্থা আৰু স্বচ্ছতাৰ নীতিৰ প্ৰতি সততাৰে গ্রাহকসকলক বিশ্বমানৰ সামগ্রী-পৰিৱেশ প্রদান কৰি নিজকে ন ন ধৰণে উদ্ভাৱন অব্যাহত ৰাখিব বিচাৰোঁ।”এই শুভাৰম্ভণি উদযাপন কৰি কল্যাণ জুবেলাছে আগবঢ়াইছে ০% মেকিং চার্জ। কল্যাণ স্পেচিয়েল গণ্ড বার্ড বেট বজাৰত সর্বনিম্ন আৰু সকলো কোম্পানীৰ শ্ব’ ৰোমত প্রামাণিক-এই গহনা ক্রয়ৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব।
কল্যাণ জুৱেলৰ্ছত খুচুৰা বিক্ৰী কৰা সকলো গহণা বিআইএছ হলমার্কযুক্ত হয় আৰু একাধিক বিশুদ্ধতা পৰীক্ষা কৰা হয়। পৃষ্ঠপোষকসকলে কল্যাণ জুৱেলার্জৰ ৪-লেভেল বিশুদ্ধতা প্রমাণপত্র, বিশুদ্ধতাৰ নিশ্চয়তা, অলংকাৰৰ বিনামূলীয়া জীৱনজোৰা তত্বাবধান, সামগ্রীৰ বিশদ তথ্য আৰু স্বচ্ছ বিনিময় আৰু বাই-বেক পলিচীও লাভ কৰিব।
শ্ব’ৰুমটোত কল্যাণৰ জনপ্রিয় ঘৰুৱা ব্ৰেণ্ডসমূহৰ লগতে মুহুৰত (বিবাহৰ গহণা), মুধৰা (হস্তনির্মিত প্রাচীন গহণা), নিমা (মন্দিৰৰ গহণা), গ্ল’ (নৃত্য কৰা হীৰা), জিয়া (চলিটেয়াৰৰ দৰে হীৰাৰ গহণা), আনোখি (কটা হীৰা), অপূর্ব (বিশেষ অনুষ্ঠানৰ বাবে হীৰা) অন্তৰা (বিবাহৰ হীৰা) হেৰা (দৈনিক পিন্ধা হীৰা) ৰং (মূল্যৱান ষ্টন জুৱেলাৰী) আৰু শেহতীয়াকৈ মুকলি কৰা লীলা (ৰঙীন ষ্টন আৰু হীৰাৰ গহণা)ৰ সামগ্রীও উপলব্ধ।