Skip to content চৰাইবাহীত ‘৪২ৰ শ্বহীদ তিলক ডেকাৰ স্মৃতি দিৱস উদযাপন, অধ্যক্ষ ড° কমল চন্দ্ৰ নাথক শ্বহীদ তিলক ডেকা স্মাৰক বঁটা প্ৰদান
নগাঁও,২৮ আগষ্ট:- সেইদিনা আছিল ১৯৪২ চনৰ ২৮ আগষ্ট ৷ ভাৰতৰ পৰা বগা বঙালক খেদিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময় ৷ সমগ্ৰ দেশৰ লগতে সময়ৰ চুকে-কোণে আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন ৷ এই আন্দোলনৰ মাজতে ৪২’ৰ ২৮ আগষ্টৰ নিশা নগাঁৱৰ বাৰপূজীয়াত পহৰাৰ দায়িত্বত আছিল চৰাইবাহী অঞ্চলৰ বীৰ সন্তান তিলক ডেকা। হাতত এডাল লাঠি আৰু এটা মʼহৰ শিঙৰ পেঁপা লৈ অপেক্ষা কৰিছিল বৃটিছ সেনা অহালৈ ৷ অৱশেষত পুৱতি নিশা বৃটিছ সেনাৰ সন্মুখত শিঙা বজাই ৰাইজক জাগ্ৰত কৰা অপৰাধত বগা বঙালৰ বন্দুকৰ গুলীত লাওখোলা চিটিকি গৈ শ্বহীদ বৰণ কৰিছিল তিলক ডেকাই ৷ এই গৰাকী মহান বীৰক শ্ৰদ্ধা নিবেদন কৰি বৃহস্পতিবাৰে তেখেতৰ জন্মভূমি নগাঁও -মৰিগাঁও জিলাৰ সীমামূৰীয়া চৰাইবাহীত দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। চৰাইবাহী শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা বীৰ জনাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাই ৷ ইয়াৰ পিছতে বীৰ গৰাকীৰ প্ৰতিমূৰ্তিত চৰাইবাহী অঞ্চলৰ ১০ গৰাকী জ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। মাল্যাৰ্পণ কৰে চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি পুনেশ্বৰ বৰাই ৷ চৰাইবাহী তিলক ডেকা স্মৃতি ৰাজহুৱা ভৱন প্ৰাঙ্গণত চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি পুনেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বীৰ জনাক সন্মান জনাই ভাষণ প্ৰদান কৰে ক্ৰমে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰী,অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতা,জিলা সাহিত্য সভাৰ সম্পাদক কুশল বৰা, মৰিগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈয়ে ৷ চৰাইবাহী শাখা সাহিত্য সভাৰ সম্পাদক ৰংগন কুমাৰ নাথ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য যশোৱন্ত নাথে আঁত ধৰা স্মৃতি চাৰণ এই সভাতে চৰাইবাহী শাখা সাহিত্য সভাৰ জৰিয়তে চলিত বৰ্ষৰ পৰা প্ৰদান কৰিব লগা ৪২ʼৰ শ্বহীদ তিলক ডেকা স্মাৰক বঁটা প্ৰদান কৰা হয় চৰাইবাহী মহাবিদ্যালয় অধ্যক্ষ ড° কমল চন্দ্ৰ নাথক ।
নগাঁও
Like this:
Like Loading...