...

গুৱাহাটীৰ আকাশ বিঘ্নিত!

Spread the love

গুৱাহাটীৰ আকাশ বিঘ্নিত!

বৰঝাৰত অবতৰণ কৰিব নোৱাৰাৰিলে বিমান

কেবাখনো বিমানৰ গতিপথ আগৰতলালৈ সলনি

চাইন অন ডেস্ক:

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালি বিয়লি অহা ধাৰাষাৰ বৰষুণৰ বাবে কেবাখনো বিমানৰ উৰণ – অৱতৰণ কাৰ্যত বাধাৰ সৃষ্টি হয়। আনকি বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া দুখন ইণ্ডিগ বিমানকে ধৰি মুঠ তিনিখনকৈ বিমানৰ গতিপথ সলনি কৰি আগৰতলা বিমানবন্দৰলৈ লৈ যাবলগীয়া হয়।
জানিব পৰা মতে বিয়লি ৪ মান বজাৰ পৰা ৫ বজালৈ অহা বৰষুণৰ ফলত কলকাতা, নতুন দিল্লী আৰু ডিব্ৰুগড়ৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ অহা তিনিখনকৈ বিমান ৰাণৱেত পানী জমা হৈ থকাত অবতৰণ কৰিব নোৱাৰাত যাত্ৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।
তাৰ পাছত বিমান কেইখনে এয়াৰ ট্ৰেফিক কন্ট্ৰলক অৱগত কৰাত তেঁওলোকে বিমান কেইখনক আগৰতলা বিমানবন্দৰত অৱতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । তাৰ পাছত বিমান কেইখন গুৱাহাটীৰ পৰা গৈ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ বিমানবন্দৰত অৱতৰণ কৰে।
অৱশ্যে সন্ধিয়া বতৰ কিছু ফৰকাল হোৱাত প্ৰায় আধাৰ পৰা এঘণ্টা সময়ৰ বিৰতিত বিমান কেইখন আহি বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতহে যাত্ৰী সকলে স্বস্তিৰ নিশ্বাস এৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *