...

ইংলেণ্ডৰ ড° জৰ্জ উইলচনৰ এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স শীৰ্ষক বক্তৃতা

Spread the love

ইংলেণ্ডৰ ড° জৰ্জ উইলচনৰ এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স শীৰ্ষক বক্তৃতা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰায়োগিক ভূ-ভূতত্ত্ব বিভাগৰ উদ্যোগত

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-ভূতত্ত্ব বিভাগত কালি এক বিশেষ বৈজ্ঞানিক আলোচনী সভাৰ আয়োজন কৰা হয়। এই সভাত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ Postdoctoral Research Associate ড° জৰ্জ উইলচনে “Emerging Anti microbial Resistance in Groundwater in India ” শীৰ্ষক এক বক্তৃতা আগবঢ়ায়।
বিভাগৰ প্ৰাধ্যাপক এছ. কে. দত্ত মেমৰিয়েল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই আলোচনা সভাখন বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হয়।

সভাত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান আৰু শক্তি অনুষদৰ গুৰু প্ৰাধ্যাপক সুব্রতা বৰগোঁহাই গগৈ আৰু প্ৰফেছৰ অব প্ৰক্টিছ তথা অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্ব নিৰ্দেশক (Exploration & Development) ড৹ মানস কুমাৰ শৰ্মা। প্ৰায়োগিক ভূ-ভূতত্ত্ব বিভাগৰ পৰিয়ালৰ তৰফৰ পৰা ড: জৰ্জ উইলচন, প্ৰাধ্যাপক সুব্রতা বৰগোঁহাই গগৈ, ড° মানস কুমাৰ শৰ্মা আৰু প্ৰায়োগিক ভূ-ভূতত্ত্ব বিভাগৰ মুৰব্বী প্ৰাধ্যাপক তাপস কুমাৰ গোস্বামীক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
বিভাগৰ সহকাৰী অধ্যাপক ড° ডেভিদ আনন্দ আইন্দে আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে বিভাগৰ মুৰব্বী প্ৰাধ্যাপক তাপস কুমাৰ গোস্বামীয়ে।

ড° উইলচনে তেওঁৰ বক্তৃতাত জনায় যে বিশ্বজুৰি এক বৃহৎ “স্বাস্থ্য-চেলেঞ্জ” হিচাপে চিহ্নিত হোৱা এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স (AMR) য়ে ভাৰততো ভয়ংকৰ ৰূপ লৈ উঠিছে। তেওঁ উল্লেখ কৰে যে বিহাৰৰ পাটনাকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন স্থানক লৈ কৰা গবেষণাত ভূগৰ্ভজল আৰু ভূ-উপৰিস্থিত জলত sulfonamide resistance genes পোৱা গৈছে যি ঔষধক অস্বাস্থ্যকৰ কৰি তুলিব পাৰে। নগৰ, চিকিৎসালয় আৰু গৃহস্থলী পৰা ওলোৱা অব্যৱহৃত বা অপৰ্যাপ্ত প্ৰস্তুত কৰা জলনিকাশ প্ৰবাহে নদী আৰু ভূগৰ্ভত এই জিন প্ৰবেশ কৰাই জনস্বাস্থ্যক বিপদৰ মুখামুখি কৰিছে। ইয়াৰ উপৰিও বিভাগৰ সহকাৰী অধ্যাপক ড° ডেভিড আনন্দ আইন্দৰ সৈতে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পৰা জল-নমুনা সংগ্ৰহ কৰাৰ কথাও তেখেতে জানিবলৈ দিয়ে।

বক্তৃতাৰ অন্তত ড° উইলচনে অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লয় আৰু বহু মূল্যৱান উত্তৰ প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান আৰু শক্তি অনুষদৰ গুৰু প্ৰাধ্যাপক সুব্রতা বৰগোঁহাই গগৈয়ে নিজৰ ভাষণত এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্সৰ গৱেষণাৰ প্ৰয়োজনীয়তা আৰু এনে গৱেষণাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰঙণিৰ কথা উল্লেখ কৰে। প্ৰাধ্যাপক মানস কুমাৰ শৰ্মাই নিজৰ ভাষণত ভূতত্ত্ব বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰই নতুনকৈ সামৰি লোৱা এনেধৰণৰ গৱেষণাক লৈ সন্তোষ প্ৰকাশ কৰে।

অনুষ্ঠানৰ অন্তত ড৹ জৰ্জ উইলচনক অসমৰ প্ৰতীক স্বৰূপ এশিঙীয়া গঁড়ৰ প্ৰতীক আৰু শৰাইৰে সন্মানিত কৰা হয়। সভাত বিভাগৰ সহকাৰী অধ্যাপক ড৹ প্ৰাণজিত কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *