নিশ্চিহ্ন হব নেকি ডিব্ৰুগড় মহানগৰ ?
ডিটিপি ডাইক স্পৰ্শ ব্ৰহ্মপুত্ৰৰ খহনীয়া
চাইন অন ডেস্ক:
নিশ্চিহ্ন হব নেকি ডিব্ৰুগড় মহানগৰ ? ডিটিপি ডাইক স্পৰ্শ ব্ৰহ্মপুত্ৰৰ খহনীয়া।এতিয়া তেনে এক প্ৰশ্নই নিদ্ৰা হৰিছে ডিব্ৰুগড় বাসীৰ।
ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ দিশে উপক্ৰম হৈছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় মহানগৰ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে মহানগৰবাসী। ইতিমধ্যে দিনে-নিশাই বৰলুইতৰ খহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে যদিও খহনীয়া প্ৰতিৰোধত ব্যৰ্থ হৈছে জলসম্পদ বিভাগ। বিগত প্ৰায় এসপ্তাহৰো অধিক দিন হৈ থকা ধাৰাবাহিক খহনীয়াৰ ফলত মহানগৰখনৰ উপকন্ঠ মাইজান ঠাকুৰবাৰী অঞ্চলৰ প্ৰায় ৬০-৭০ মিটাৰ ভূমি বৰলুইতত জাহ গৈছে।
এই খহনীয়া ইমানেই তীব্ৰতৰ হৈছে যে নৈপৰীয়া বহু মানুহৰ ভেঁটি উচন গৈছে ব্ৰহ্মপুত্ৰত। শেহতীয়াকৈ মহানগৰখনৰ একমাত্ৰ সুৰক্ষা কৱচ ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ স্পৰ্শ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। জলসম্পদ বিভাগে জিঅ’বেগেৰে প্ৰতিৰোধ ব্যৱস্থা চলাই থকাৰ মাজতে চপৰা-চপৰেকৈ খহিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই।
ইফালে ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতত ভয়ংকৰ পকনীয়া। পলসভৰ্তি জিঅ’বেগ পেলাইয়ো খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই জলসম্পদ বিভাগে। অন্যহাতে টালি-টাপোলা বান্ধি নিৰাপদ দূৰত্বত আশ্ৰয় ল’বলৈ সাজু হৈছে বহু নৈপৰীয়া। নিশাৰ ভাগত যিকোনো মুহুৰ্তত ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ল’লে বাসগৃহ এৰি পলাবলৈকো সাজু হৈছে নৈপৰীয়াই।
ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ দেখি বিগত এসপ্তাহ ধৰি নৈপৰীয়াই বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে।
ইফালে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মাইজানৰ ঠাকুৰবাৰী খহনীয়া পৰিদৰ্শন কৰে। ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা বুজ লোৱাৰ লগতে কাইলৈৰ ভিতৰত খহনীয়া প্ৰতিৰোধ কৰিবলৈ সম্ভৱ কৰি তুলিব বুলি প্ৰকাশ কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে।