চেংকাইৰ হত্যাকাণ্ডৰ বাবে অনা পিষ্টল উদ্ধাৰ
লক্ষ্যজ্যোতি গগৈ আৰু অনুক্ষিত গগৈৰ জিম্মাত আছিল
অনুক্ষিত গগৈ অপসাৰিত টাইপাৰ নেতা
বগীবিল আঞ্চলিক সমিতি কার্যকৰী সভাপতি আছিল
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ বৰুবৰুৱাত সংঘটিত জঘন্য হত্যাকাণ্ডৰ বাবে অনা পিষ্টলটো কালি বগীবিল নাহৰণিৰ পৰা উদ্ধাৰ কৰা হয়।জানিব পৰা অনুসৰি পিষ্টলটো লক্ষ্যজ্যোতি গগৈ ওৰফে লাটু আৰু অনুক্ষিত গগৈ ওৰফে অৰুণ গগৈ নামৰ দুজন যুৱকে আনি লুকুৱাই ৰাখিছিল।পিষ্টলটো, হত্যাকাৰী দীপজ্যোতি আৰু গৌৰাংগই লুকুৱাই থবলৈ দিছিল নে ? নে আন কোনোবাই দিছিল,সেয়া অদ্যাপি জানিব পৰা হোৱা নাই।
ইফালে কালি নিশাই দুই যুৱকক আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা আটক কৰে।জানিব পৰা অনুসৰি চেংকাইৰ হত্যাকাৰী দ্বীপজ্যোতি বুঢ়াগোঁহাই আৰু সহযোগী গৌৰাংগ পাত্ৰৰ সৈতে নগালেণ্ডৰ পৰা একেলগে এজন ব্যক্তিৰ
পৰা ৬৫ হাজাৰ টকাত ক্ৰয় কৰিছিল উক্তি মাৰণাস্ত্ৰটো।আৰক্ষীয়ে আটক কৰি দুয়োজন যুৱককে সোধ পোচ অব্যাহত ৰাখিছে।আনহাতে আটক হোৱা চাও অনুক্ষিত গগৈ টাইপা বগীবিল আঞ্চলিক সমিতি কার্যকৰী সভাপতি আছিল।
কিন্তু অনুক্ষিত গগৈয়ে যোৱা ২০ জুলাইত টাই আহোম যুৱ পৰিষদ অসমৰ সংবিধান উলংঘা কৰা ক্ষেত্ৰত সংগঠনৰ পৰা তেওঁক বহিস্কাৰ কৰা হয় বুলি আজি এক বিবৃতিৰ জৰিয়তে ডিব্রুগড় জিলা সমিতিৰ
কাৰ্য্যকৰী সভাপতি চাও দীপাঙ্কৰ দুৱৰাই প্ৰকাশ কৰিছে।সেই অনুসৰি অনুক্ষিত গগৈ টাইপা সংগঠনৰ লগত কোনো প্ৰকাৰৰে জড়িত নহয় বুলি প্ৰকাশ কৰি সংবাদ মাধ্যমত টাইপা সংগঠনৰ অনুক্ষিত গগৈৰ পৰা
পিষ্টল উদ্ধাৰ হোৱা বুলি প্ৰচাৰ হোৱাত দুখ প্রকাশ কৰিছে চাও দীপাঙ্কৰ দুৱৰাই।