...

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ উপাধ্যক্ষ ডঃ নোমল মমিনৰ

Spread the love

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ উপাধ্যক্ষ ডঃ নোমল মমিনৰ

চাইন অন ডেস্ক:

🎯স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ পাছত পাহাৰীয়া জিলাখনত একাংশ দল সংগঠনে প্ৰতিবাদ কৰাৰ পাছত আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উপাধ্যক্ষ ডঃ নোমল মমিনে।
🎯স্বায়ত্ব শাসিত ৰাজ্য নহয় মই পৃথক ৰাজ্য গঠনৰ পোষকতা কৰো।
🎯কাৰ্বি আংলং জিলাত অতীজৰে পৰা বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ পৃথক ৰাজ্য গঠনৰ মই পোষকতা কৰো।
🎯সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ আধাৰত স্বায়ত্ব শাসিত ৰাজ্য গঠনকলৈ মই কেতিয়াও বিৰোধ কৰা নাই।
🎯কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠাপক চেমচনছিং ইংতিৰ তেজ মোৰ গাত আছে আৰু মই স্বায়ত্ব শাসিত গঠনৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে।
🎯গৌৰৱ গগৈৰ পিতৃ ১৫ বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থাকিল কিন্তু কাৰ্বি আংলঙৰ বাবে কি কৰিলে আৰু সংসদত নিজেও কাৰ্বি আংলঙৰ হৈ এষাৰো মাত মতা মই নেদেখিলোঁ।
🎯স্বায়ত্ব শাসিত ৰাজ্য সম্পৰ্কে মুখ্যমন্ত্রীয়ে যি মন্তব্য কৰিছিল তাকে মই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিলোঁ।
🎯একাংশ দল সংগঠনে মই কৰা মন্তব্যক ভুল বুজি আগন্তুক নিৰ্বাচনৰ ইছ্যু কৰিব বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *