Skip to content *ডিব্ৰুগড় জিলাত বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠান
*মাতৃ দুগ্ধ সেৱনৰ উপকাৰিতা সন্দৰ্ভত অৱলোকন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাত শুকুৰবাৰে বিশ্ব স্তনপান সপ্তাহৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব স্তনপান সপ্তাহ উদযাপন কৰা হয় । Invest in breastfeeding, invest in the future এই মূল ভাৱক লৈ ১ আগষ্টৰ পৰা আৰম্ভ হোৱা বিশ্ব স্তনপান সপ্তাহ ৭ আগষ্টলৈকে চলিব। “শিশুৰ বাবে পুষ্টি, শক্তি আৰু ৰোগৰ সুৰক্ষাৰ বাবে মাতৃ দুগ্ধ অমৃতসম । শিশুৰ জীৱনৰ প্ৰথম ৬ মাহৰ বাবে মাতৃদুগ্ধই উত্তম খাদ্য আৰু পানীয়।

এই সময়ছোৱাত আন কোনো খাদ্য বা পানীয়ৰ প্ৰয়োজন নাই, আনকি পানীৰো প্ৰয়োজন নাই। সেয়েহে মাতৃ দুগ্ধ সেৱনৰ প্ৰয়োজনীয়তা সৰ্বাধিক” –
জিলাখনৰ প্ৰতিগৰাকী মাতৃলৈ এই গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰি সজাগতা বৃদ্ধি কৰাই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য । ডিব্ৰুগড় জিলাত আশাকে ধৰি অন্যান্য স্বাস্থ্যকৰ্মীসকলে ইতিমধ্যে স্তনপানৰ উপকাৰিতা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে স্বাস্থ্য বিভাগে।
আজিৰ সভাত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰা , ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰম ৰ ন’ডেল বিষয়া ডাঃ অৰুণিমা বৰ্মন, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উৎপলা বৰুৱা, জিলা গণমাধ্যম বিশেষজ্ঞ ডেইজী গগৈ, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ
কৰ্মচাৰী সকল ,আশা কৰ্মী আৰু মাতৃ সকল উপস্হিত থাকে ।