...

ডিব্ৰুগড়ত গাঁটত পৰি যোৰহাটৰ শিশুৰ মৃত্যু

Spread the love

 

ডিব্ৰুগড়ত গাঁটত পৰি যোৰহাটৰ শিশুৰ মৃত্যু

 

তীব্ৰ চাঞ্চল্য

 

চাইন অন ডেস্ক:

অতি দু:খবৰ।গ্ৰীষ্মকালীন বন্ধত নিজৰ মোমাযকৰ ঘৰলৈ ফুৰিবলৈ আহি খেলি থকা অৱস্থাত অকাল মৃত্যু শিশুৰ।যোৰহাটৰ পৰা নিজ পিতৃ -মাতৃৰ সৈতে মোমাযকৰ ঘৰলৈ পিতৃৰ চিকিৎসা বাবে আহি ডিব্ৰুগড়ত মোমায়েকৰ ঘৰত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত ফ্লেটৰ গাঁতত পৰি দূৰ্ভাগ্যজনক ভাৱে মৃত্যু হয় সাত বছৰীয়া কিশোৰটি।ডিব্ৰুগড় নগৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনাটো।

ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমীপৰ ‘আম্বা হাইক’ নামৰ ফ্লেটত সংঘটিত হৈছে এই ভয়াবহ ঘটনা।জানিব পৰা অনুসৰি ফ্লেটৰ ফায়াৰ চাৰ্ভিচৰ পানীৰ গাঁটত পৰি মৃত্যু হয় সাত বছৰীয়া শিশুটি। ‘আম্বা হাইক’ নামৰ ফ্লেটৰ উন্মুক্ত এটা পানীৰ গাঁটত পৰি মৃত্যুক অকাল সাৱটিলে তেজচ আগৰৱাল নামৰ ৭ বছৰীয়া শিশুটিয়ে।ফ্লেটৰ 1B ৰ আৱাসী ৰাজকুমাৰ আগৰৱালৰ নাতি তথা মৰিয়নীৰ ৰাজীৱ আগৰৱালৰ একমাত্র পুত্র সন্তানটি ফ্লেটৰ চৌহদত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত অকস্মাতে চৌহদতে থকা উক্ত উন্মুক্ত গাঁটটোত পৰি যায়।

পৰৱৰ্তী সময়ত শিশুটোক বহু সময় ধৰি বিচাৰ-খোচৰ কৰিও নোপোৱাত
উক্ত উন্মুক্ত গাঁটটোৰ পানীত শিশুটিৰ এপাত চেণ্ডেল উপঙি থকা দেখি সন্দেহ হয় আৰু গাঁতৰ তলতলৈ নামি যোৱাত শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে।পিছত ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শিশুটিৰ মৃত বুলি ঘোষণা কৰে।পানী ভৰ্তি গাটটো উন্মুক্তভাৱে ৰখাৰ লগতে কোনো নিৰাপত্তা নাই। আনহাতে ফ্লেটত কোনো চিচি টিভিৰো ব্যৱস্থা নাই। ইপিনে গ্ৰীষ্মকালীন বন্ধত নিজৰ শহৰেকৰ ঘৰলৈ নিজৰ একমাত্ৰ পুত্ৰৰ সৈতে অহাৰ পাছত ফ্লেট কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই অকালতে নিজৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালটো। এই ঘটনাই ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *