Skip to content ইনাৰ লাইন পাৰ্মিটৰ অবৈধ পৰীক্ষণ ?
অৰুণাচল সীমান্তত হাৰাশাস্তিৰ অভিযোগ !
মুখ্যমন্ত্ৰীক টাই আহোমৰ ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ
চাইন অন ডেস্ক:
অৰুণাচল প্ৰদেশ সীমান্তত ইনাৰ লাইন পাৰ্মিটৰ নামত অবৈধ পৰীক্ষণ আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কামৰূপ (মেট্ৰ’) জিলা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ দাখিল কৰিছে।
আটাছু কামৰূপ (মেট্ৰ’) জিলা সমিতিৰ সভাপতি বসন্ত গগৈৰ মতে, আই এল পি বলবৎ কৰাৰ সময়ত স্ব-নিযুক্ত গোটে নাগৰিকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।‘এই গোটসমূহে অসম, বিহাৰ, ইউ পি, বংগ, দক্ষিণ ভাৰত, আৰু অন্যান্য ঠাইৰ ভ্ৰমণকাৰীক মৌখিকভাৱে গালি-গালাজ কৰি আহিছে – কেতিয়াবা আৰক্ষীৰ উপস্থিতিতো।যোৱা মাহত অৰুণাচল প্ৰদেশৰ গুমটো চেক গেটত সংঘটিত হৈছিল য’ত সংঘৰ উপ-সভাপতি বিতু গোহাঁই আছিল বুলি জানিব পৰা গৈছে।
সভাপতি গৰাকীয়ে কয় যে আই এল পি বলবৎ কৰাৰ অজুহাতত সংঘটিত কৰা এনে কাৰ্যই প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাই নহয়, চুবুৰীয়া ৰাজ্য দুখনৰ দীৰ্ঘদিনীয়া আন্তৰিক সম্পৰ্কৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
‘অৰুণাচল প্ৰদেশৰ অনন্য ভূ-ৰাজনৈতিক আৰু জনগোষ্ঠীয় প্ৰেক্ষাপটৰ পৰিপ্ৰেক্ষিতত আমি আই এল পি ব্যৱস্থাক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ আৰু ইয়াৰ গুৰুত্ব স্বীকাৰ কৰোঁ।অৱশ্যে ইয়াৰ বলবৎকৰণ অনুমোদিত চৰকাৰী সংস্থাই কৰিব লাগিব।অকৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰাটো গ্ৰহণযোগ্য নহয়।’-গগৈয়ে কয়।
উত্তৰ-পূব আঞ্চলিক দলসমূহৰ অধিৱেশনৰ পৰিকল্পনা ইয়াৰ পূৰ্বে আটাছু কামৰূপ (মেট্ৰ’)ৰ সভাপতি বসন্ত গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে এই সন্দৰ্ভত ইটানগৰত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু গৃহমন্ত্ৰী মামা নাটুঙক সাক্ষাৎ কৰিছিল।আনহাতে, প্ৰতিনিধি দলটোৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো এখন স্মাৰক পত্ৰ প্ৰদান কৰে।আটাছুৱে দুয়োখন ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে ভাৰতীয় নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ খৰ্ব নকৰাকৈ আই এল পি পৰীক্ষা আইনগতভাৱে আৰু সন্মানজনকভাৱে কৰা হয়।ব্যক্তিগত বা ৰাজনৈতিক এজেণ্ডাৰ বাবে আই এল পি ব্যৱস্থাৰ অপব্যৱহাৰৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সংগঠনটোৱে।