...

সাংস্কৃতিক সাংবাদিক অমৃত বৰুৱাই ৰচনা কৰা জাহ্নু বৰুৱা: দৃষ্টিত যাৰ সৃষ্টি প্রকাশ

Spread the love

 

সাংস্কৃতিক সাংবাদিক অমৃত বৰুৱাই ৰচনা কৰা জাহ্নু বৰুৱা: দৃষ্টিত যাৰ সৃষ্টি প্রকাশ

 

চাইন অন ডেস্ক:

অসমীয়া চলচ্চিত্র ইতিহাসত যিসকল চলচ্চিত্র নির্মাতাই নিজস্ব প্রতিভাবে নিজক প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত জাহ্নু বৰুৱা নিসন্দেহে অন্যতম। এফ টি আই আই’ত চলচ্চিত্র নির্মানৰ শিক্ষা গ্রহণ কৰি বিভিন্ন চুটি ছবি, তথ্যচিত্র আৰু বিজ্ঞাপনব ছবি নির্মাণৰে অভিজ্ঞতা অর্জন কৰাৰ পাছত নানা সংঘাত অতিক্রম কৰি প্ৰথম পূর্ণ দৈৰ্ঘ্যৰ ছবি ‘অপৰূপা’ নির্মাণ কৰে।

তেখেতে নির্মাণ কৰা তৃত্বীয়খন ছবিৰ যোগেদি স্বর্ণ কমল অর্জন কৰি ৰাষ্ট্ৰীয় পর্যায়ত জিলিকি উঠাৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো জিলিকি উঠে। তেখেতে নিৰ্মাণ কৰা ‘ফিৰিঙতি’ত মলয়া গোস্বামীয়ে কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্রীৰ ৰাষ্ট্রীয় সম্মান লাভ কৰে। জাহ্নু বৰুৱা চলচ্চিত্ৰ আৰু সামাজিক জীবনত উল্লেখযোগ্য ব্যক্তিত পৰিণত হোৱাৰ পিছত ছপা আৰু ইলেক্ট্রনিক মাধ্যমত দুই এটা সাক্ষাৎকাৰ প্ৰকাশ হ’লেও তেখেতৰ বর্ণাঢ্য জীবন আৰু কৰ্মৰ ওপৰত সাংস্কৃতিক সাংবাদিক অমৃত বৰুৱাই ‘জাহ্নু বৰুৱা: দৃষ্টিত যাৰ সৃষ্টি’ ৰচনা কৰি প্ৰকাশ কৰাৰ আগলৈকে কোনো গ্রন্থ প্রকাশ হোৱা নাছিল।

বিশিষ্ট চলচিত্র পৰিচালকগৰাকীৰ জীৱন সংগ্রাম, বিশেষ উল্লেখযোগ্য ঘটনা, সম্মুখীন হোৱা বির্তক চলচিত্র সমূহক লৈ অমৃত বৰুৱাই তিনি বছৰ জুবি অক্লান্ত পৰিশ্ৰমৰ অন্তত ৰচনা কৰা গ্ৰন্থখন নামকৰণ কৰিছে বিশিষ্ট শিক্ষাবিদ সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড°নগেন শইকীয়াদেৱে আৰু প্ৰকাশ কৰিছে গুৱাহাটী পাণবজাৰৰ পূৰ্বায়ণ প্রকাশনে।

অমৃত বৰুৱাই বচনা কৰা ‘জাহ্নু বৰুৱাঃ দৃষ্টিত যাৰ সৃষ্টি’ গ্রন্থখন অলপতে লেখক আৰু প্রকাশকে চলচ্চিত্ৰ পৰিচালকগৰাকীৰ চানমাৰিৰ বাসগৃহত হাতত অর্পণ কবে।বিশেষ উল্লেখযোগ্য যে জাহ্নু বৰুৱা ৰ জীৱনৰ ওপৰত এই গ্রন্থ ৰচনা কৰাৰ পূর্বে অমৃত বৰুৱাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াদেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত ‘বথীৰ পৰা দ্বীপেন গান্ধীলৈ বিষ্ণু খাৰঘৰীয়া’ ৰচনা কৰি খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *