...

ডিব্ৰুগড় ৰেল সেৱাত ঐতিহাসিক সংযোজন

Spread the love

 

 

ডিব্ৰুগড় ৰেল সেৱাত ঐতিহাসিক সংযোজন

 

বাণীপুৰ ষ্টেচনৰ পৰা প্ৰথম যাত্ৰীবাহী বৈদ্যুতিক ইঞ্জিনৰ যাত্ৰা

চাইন অন ডেস্ক:

ভাৰতীয় ৰে’লৱেৰ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিলে ডিব্ৰুগড় মহানগৰে।কালি ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰাজধানী ৰেল চলাচল কৰি ৰেল ইতিহাসত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰে ভাৰতীয় ৰে’লৱে।উল্লেখ্য যে ভাৰতৰ দ্বিতীয়খন যাত্ৰীবাহী ৰে’ল আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰেল ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত যাত্ৰা আৰম্ভ কৰি ৰে’ল সেৱাৰ ঐতিহাসিক উন্নীতকৰণৰ সাক্ষী হৈছিল।

প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনত অহা-যোৱা কৰা ৰে’লৰ ডিজেল ইঞ্জিনৰ ঠাইত বৈদ্যুতিক ইঞ্জিন ব্যৱহাৰ কৰি অঞ্চলটোত আধুনিক আৰু বহনক্ষম ৰে’ল পৰিবহণৰ নতুন যুগৰ সূচনা কৰিলে।

২০২৫ চনৰ ২৫ জুনত নতুন দিল্লীৰ পৰা তিনিচুকীয়া হৈ ডিব্ৰুগড়লৈ যোৱা ১২৪২৪ নং ৰাজধানী এক্সপ্ৰেছ ৰে’লখন সম্পূৰ্ণ ইলেক্ট্ৰিক ইঞ্জিনেৰে টানি ডিব্ৰুগড়ত উপস্থিত হৈছিল।

এক উল্লেখযোগ্য পৰিৱৰ্তনৰে কালি নিশা ৮:৫৫ বজাত ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয়। যিখন বৈদ্যুতিক ইঞ্জিনেৰে চলা ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনৰ পৰা প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়।

ইয়াৰ দ্বাৰা ডিব্ৰুগড়ৰ পৰা বৈদ্যুতিক ৰে’ল পৰিচালনাৰ ঐতিহাসিক আৰম্ভণি, ভাৰতৰ ৰে’ল ইতিহাসত ইয়াৰ উত্তৰাধিকাৰক শক্তিশালী কৰি তোলাৰ লগতে উত্তৰ-পূব ভাৰতত দ্ৰুত, পৰিষ্কাৰ, আৰু অধিক কাৰ্যক্ষম ৰে’ল পৰিবহণৰ পথ প্ৰশস্ত কৰি তোলা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *