...

*পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত ভূমি বিবাদ* :তীব্ৰ উত্তেজনা

Spread the love

 

*পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত ভূমি বিবাদ* :তীব্ৰ উত্তেজনা

 

আৰক্ষীৰ শূণ্য লৈ গুলীছালনা , আহত ১

 

‘বৈঠালাংছ:

অসম-মেঘালয় সীমান্তৰ তাপাত অঞ্চলত স্থানীয় ৰাইজে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সহযোগত এক বৃহৎ এলেকাত ৰঙা চন্দনৰ পুলি ৰোপন কৰাক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত তীব্ৰ বাত-বিতণ্ডাৰ সৃষ্টি হয়। একাংশ মেঘালয়ৰ খাছী লোকে উক্ত ভূমি মেঘালয়ৰ বুলি দাবী কৰি বিগত কেইবাদিনো ধৰি গছপুলি ৰোপনত বাধা প্ৰদান কৰি আহিছে ৷ কিন্তু প্ৰকৃততে অসমৰ ভূমিতহে এই ৰঙা চন্দনৰ পুলি ৰোপন কৰাৰ কথা অসমৰ ৰাইজে মেঘালয়ৰ খাছী লোকক বুজাই অহাৰ পিছতো খাছী ৰাইজে এই বিষয়ত বাৰে বাৰে বাধা প্ৰদান কৰি আহিছে।

ইফালে ভূমি বিবাদৰ বিষয়টোক লৈ আজি তাপাত অঞ্চলত অৱস্থিত তাপাত প্ৰাথমিক বিদ্যালয়ত দুই ৰাজ্যৰ সীমান্তবাসী ৰাইজৰ মাজত এক আলোচনা হোৱাৰ কথা আছিল। কিন্তু মেঘালয়ৰ খাছী ৰাইজে উক্ত আলোচনাত অংশ লোৱাৰ পৰিৱৰ্তে অসমৰ ভূমিত ৰোপন কৰা ৰঙা চন্দনৰ গছপুলিবোৰ এফালৰ পৰা কাটি-বিনষ্ট কৰে ৷

উক্ত ঘটনাত খৰ্গহস্ত হৈ কাৰ্বি আংলংবাসী ৰাইজ আৰু খাছীলোকৰ মাজত এক সংঘাত সৃষ্টি হয় ৷ ইফালে উক্ত ঘটনাৰ মাজতে ৰঙা চন্দনৰ গছ চোৱাচিতা কৰাৰ বাবে অসমভূমিত স্থাপন কৰা অস্থায়ী শিবিৰত খাছীলোকে অগ্নিসংযোগ কৰে ৷

আনহাতে দুয়ো পক্ষৰ মাজত সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পোৱাত অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলি চালনা কৰাৰ উপৰি কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়৷

এই ঘটনাৰ মাজতে চন্দ্ৰ তেৰাং নামৰ লোক এজন আহত হোৱা বুলি জানিব পৰা গৈছে।সমান্তৰালকৈ, মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মেঘালয়ৰ খাছীলোকক নিয়ন্ত্ৰণলৈ অনাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সম্প্ৰতি উক্ত স্থানত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *