নিখিল ভাৰত বঙ্গ সাহিত্য সম্মিলনৰ ডিব্ৰুগড় শাখাৰ সোণালী জয়ন্তী সম্পন্ন
কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
চাইন অন ডেস্ক,২৪নবেম্বৰ:
গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰিলে নিখিল ভাৰত বঙ্গ সাহিত্য সম্মিলনৰ ডিব্ৰুগড় শাখাই। বঙ্গীয় সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা তথা প্ৰসাৰৰ এই সুদীৰ্ঘ যাত্ৰাক স্মৰণীয় কৰি ৰাখিবলৈ ২২ আৰু ২৩ নৱেম্বৰত স্থানীয় ইণ্ডিয়া ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে
এই সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নিখিল ভাৰত বংগ সাহিত্য সম্মিলন হৈছে ১৯২২ চনত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ প্রখ্যাত বঙালী সাহিত্যিক তথা কবি অতুল প্রসাদ সেনৰ পৌৰোহিত্যত প্রতিষ্ঠা হোৱা এটা সৰ্বভাৰতীয় সাহিত্য-সাংস্কৃতিক সংগঠন। ১৯২৩ চনত বাৰাণসীত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত সংগঠনটোৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল। সেই সময়ৰ পৰাই সংগঠনটোৱে দেশৰ বিভিন্ন প্ৰান্তত সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। যোৱা বছৰ পশ্চিমবংগৰ শান্তি নিকেতনত সংগঠনটোৰ ৯২সংখ্যক কেন্দ্রীয় অধিবেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰৰ অধিৱেশন দিল্লীত অনুষ্ঠিত হ’ব। সংগঠনটোৰ অন্যতম প্রধান উদ্দেশ্য হৈছে দেশৰ যিসমূহ অঞ্চলত বঙালী ভাষী লোক বসবাস কৰে, সেই অঞ্চলসমূহত শাখা স্থাপন কৰি স্থানীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে সমন্বয় সাধন কৰা। পাৰস্পৰিক সম্প্রীতি, ভাতৃত্ববোধ আৰু সাংস্কৃতিক আদান-প্রদানৰ জৰিয়তে বিভিন্ন ভাষিক জনগোষ্ঠীৰ মাজত ঐক্যৰ এনাজৰী সুদৃঢ় কৰাই সম্মিলনৰ মূল লক্ষ্য। এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৭৬ চনত ডিব্ৰুগড়ত সংগঠনটোৰ শাখা স্থাপন কৰা হৈছিল। বিশেষকৈ ২০০৬-০৭ চনৰ পৰা শাখাটোৱে অধিক সক্রিয়তাৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে। সম্মিলনৰ উদ্যোগত প্ৰতিবছৰে ৰবীন্দ্ৰ জয়ন্তী, কাজী নজৰুল ইছলামৰ জয়ন্তী আদি পালন কৰাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবার্ষিকীও উদযাপন কৰা হৈছে। ইয়াৰ উপৰি ডিব্ৰুগড়ত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবার্ষিকী উদযাপনৰ ক্ষেত্ৰতো শাখাটোৱে বিশেষ উদ্যোগ গ্রহণ কৰিছিল। সংগঠনটোৰ বিভিন্ন অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া, ভীমকান্ত বৰুৱাকে ধৰি বহু বৰেণ্য ব্যক্তিয়ে অংশগ্রহণ কৰি আহিছে। শেহতীয়াকৈ শাখাটোৱে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীও উদযাপন কৰিছে। আনহাতে, শাখাটোৱে নিয়মীয়াকৈ সাহিত্য আলোচনী প্ৰকাশৰ ব্যৱস্থাও কৰি আহিছে। এই আলোচনীৰ জৰিয়তে অসমীয়া আৰু বঙালী ভাষাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাহিত্য- সংস্কৃতিৰ বিষয়ে চৰ্চা কৰি অহা হৈছে। সাহিত্য চৰ্চাৰ লগতে ভাষিক আৰু সাংস্কৃতিক সমন্বয়ৰ এই যাত্রা অব্যাহত ৰখাৰ সংকল্পৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী সমাৰোহত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে উন্মোচন কৰা হৈছে এক বিশেষ স্মৃতি গ্ৰন্থ। ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাব এণ্ড থিয়েট্ৰিকেল ইনষ্টিটিউচনত স্থাপিত সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায় মঞ্চত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা
সোণালী জয়ন্তী কাৰ্যসূচীৰ প্ৰথম দিনা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শাখাৰ সভাপতি ড° শেখৰ পুৰকায়স্থই। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় শাখাৰ সম্পাদীকা ড° ৰীতা পাল পোদ্দাৰে। এই বিশেষ অনুষ্ঠানতে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকলৰ ভিতৰত আছে বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞা, সুমেন দাস গুপ্তা, কবি ডাঃ সুমিত্ৰ ঘোষ আৰু চিত্ৰশিল্পী শৰৎময় বৰুৱা।অনুষ্ঠানৰ আন এক উল্লেখযোগ্য দিশ হৈছে প্ৰয়াত শীলা দাসৰ স্মৃতিত তথা ৰীতা দাস পোদ্দাৰৰ সম্পাদনাত ‘আনন্ত্য’ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন। গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক ড০ পবিত্ৰ কুমাৰ পেগুৱে। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, গ্ৰন্থখনৰ যাৱতীয় খৰচ বহন কৰিছে প্ৰয়াত শীলা দাসৰ স্বামী, সমাজসেৱক তথা ইউকো বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শেখৰ ৰঞ্জন দাসে। সাহিত্য আৰু সংস্কৃতিৰ সমন্বয়ৰ এই সোণালী জয়ন্তী সমাৰোহে ডিব্ৰুগড়ৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিৱেশত এক নতুন মাত্ৰা প্ৰদান কৰিলে। অনুষ্ঠান মুখ্য অতিথি ৰূপে ড° অমলেণ্ডু চক্ৰৱৰ্তী, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডা০ সৈকত পাত্ৰ ,ডা: শেখৰ পুৰুকায়ষ্ঠ, ডা:অলক চৰকাৰ,সনত বৰুৱা, সুত্ৰৰূপা চৌধুৰী,দেবাৰ্শী গোস্বামী, পৰিমল, মুখাৰ্জী, শ্যামল শীল,নির্মল কান্তি শীল,আৰ্শী বিশ্বাসকে প্ৰমূখ্যে বহুকেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।