লোক্ৰাৰ সোণাই মিৰি নেপালীত সাহিত্য অকাদেমীৰ “গ্ৰাম’লোক” শীৰ্ষক মনোজ্ঞ সাহিত্যনুষ্ঠান সম্পন্ন
কবিতা, গল্প পঠন ,গীত-নৃত্যৰে উজ্বীৱিত পৰিৱেশ
বালিপৰা,২৩নৱেম্বৰ:
শোণিতপুৰৰ লোক্ৰাৰ সোণাই মিৰি নেপালীত কালি সাহিত্য অকাদেমী নতুন দিল্লীৰ উদ্যোগত আৰু জীয়াভৰলী সাহিত্য গোষ্ঠীৰ সহযোগত সাহিত্য অকাদেমীৰ “গ্ৰাম’লোক” শীৰ্ষক এক মনোজ্ঞ সাহিত্যনুষ্ঠান সম্পন্ন হয় । খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সাহিত্যিক ড০ বিষ্ণু শাস্ত্ৰীয়ে বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । আৰম্ভণি গীত পৰিৱেশন কৰে স্থানীয় গায়িকা ৰজনী ৰাই আৰু সংগীবৃন্দই । তাৰ পিছতে সাহিত্য অকাদেমীৰ অনুবাদ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ কুমাৰ শৰ্মাৰ সঞ্চালনাত আৰম্ভ হয় অনুষ্ঠানৰ প্ৰথম সত্ৰ । প্ৰথম সত্ৰত ভাষণ প্ৰসংগত সাহিত্য অকাদেমীৰ নেপালী ভাষা পৰামৰ্শ সমিতিৰ সদস্য, সাহিত্য অকাদেমীৰ অনুবাদ পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক
চন্দ্ৰমণি উপাধ্যায়ে সাহিত্য অকাদেমীৰ “গ্ৰাম’লোক “অনুষ্ঠান, ভাৰতীয় সাহিত্যৰ বিকাশত সাহিত্য অকাদেমীৰ ভূমিকা, গ্ৰাম্যাঞ্চলত ভাষা-সাহিত্যৰ বিকাশ ইত্যাদিৰ বিষয়ে অৱলোকন কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাহিত্য অকাদেমীৰ যুৱ পুৰস্কাৰপ্ৰাপ্ত যুৱ লেখক অঞ্জন বাচকোটাই সমাজত সাহিত্যৰ ভূমিকা, সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তা, কৃত্ৰিক বুদ্ধিমত্তা আৰু প্ৰত্যাহ্বান ইত্যাদি বিষয়ত অৱলোকন কৰি সকলোকে সাহিত্য চৰ্চা কৰিবলৈ আহ্বান জনায় । আনহাতে, ভাষণ প্ৰসংগত সাহিত্য অকাদেমীৰ অনুবাদ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক ছত্ৰমান চুব্বাই কয় যে মানৱ সেৱাই হৈছে সাহিত্যৰ মূল ধৰ্ম । সাহিত্যই সমাজৰ হিত সাধন কৰিব পাৰিব লাগিব । ” অনুষ্ঠানত ধন্যবাদ জ্ঞাপন অনুষ্ঠান সম্পাদন কৰে অসম চৰকাৰৰ যুৱ লেখক সন্মানপ্ৰাপ্ত যুৱ লেখক, গোৰ্খা মিত্ৰ উপাধিপ্ৰাপ্ত সমন্বয় বাৰ্তাবাহক যুৱক প্ৰাঞ্জল প্ৰতিম বৰাই । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ দ্বিতীয় সত্ৰত পদ্মলাল শৰ্মা, ভীষ্ম অধিকাৰী, ঘনশ্যাম চুবেদী, গোবিন্দ উপাধ্যায়, তুলসী উপাধ্যায়ে কবিতা, গল্প আদি পাঠ কৰে । অনুষ্ঠানৰ তৃতীয় সত্ৰত সাহিত্যিক ছত্ৰমান চুব্বাৰদ্বাৰা অনূদিত বিজ্ঞানভিত্তিক উপন্যাস লক্ষ্মীনন্দন বৰাৰ কায়কল্পৰ নেপালী অনুবাদ “কায়কল্প “ৰ দ্বিতীয় সংস্কৰণ, মন বাহাদুৰ চুব্বাৰ “কিৰাত এক শব্দাৰ্থ ” আৰু পূৰ্ণ কুমাৰ শৰ্মাৰ “নয়া বাতৌ ” ৰ শুভ উন্মোচন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি ছত্ৰমান চুব্বাই তেখেতৰ শহুৰ দেউতা প্ৰয়াত হেমেন্দ্ৰ কুমাৰ লিম্বু স্মৃতি বঁটা কোকৰাঝাৰ সৰলপাৰাৰ সমাজসেৱক , সাহিত্যনুৰাগী মণি কুমাৰ চাবাক আগবঢ়ায় । দিনৰ ১:০০ বজাৰপৰা আৰম্ভ হোৱা অনুষ্ঠানটোত কেইবাগৰাকীও স্থানীয় সাহিত্য চৰ্চা কৰা ব্যক্তিয়ে কবিতা পাঠ কৰে। লগতে অনুষ্ঠানত গোৰ্খা জনগোষ্ঠীয় নৃত্যও পৰিৱেশন কৰা হয় । অনুষ্ঠানত জীয়াভৰলী সাহিত্য গোষ্ঠীৰ সভাপতি পদ্মলাল শৰ্মাৰ লগতে বিষয়ববীয়াসকল, স্থানীয় পাৰ্বতী দেৱী, তুলসী থাপা, নিতু গুৰুং, নিৰু অধিকাৰী, ৰঞ্জন দাহাল,টংক চুব্বা আৰু অঞ্চলটোৰ সাহিত্যপ্ৰেমী ভালেমান ৰাইজ উপস্থিত থাকে ।